Palm oil production : ব্লেক লিষ্টেড প্ৰতিষ্ঠানক অসমত পাম অইলৰ কৃষি কৰ্মৰ বাবে ৰঙা দলিচা অসম চৰকাৰৰ

3a9orll7yw XL 296208hero

Mature palm fruit

Palm oil production :

চত্তিছগড়ত ‘ব্লেকলিষ্টেড’ পাম অইল উৎপাদনকাৰী প্ৰতিষ্ঠানক অসমৰ লখিমপুৰ আৰু চিৰাং জিলাত পাম অইলৰ খেতি কৰাৰ বাবে ৰাজ্য চৰকাৰে তালিকাভুক্ত কৰাক লৈ ব্যাপক ক্ষোভ আৰু অসন্তোষ্টিৰ সৃষ্টি হৈছে ।

হায়দৰাবাদৰ ‘৩এফ অইল পাম প্ৰাইভেট লিমিটেড’ নামৰ এই উৎপাদনকাৰী প্ৰতিষ্ঠানটোৱে চৰকাৰী নিয়ম-নীতি উলংঘা কৰি ব্যৰ্থতা প্ৰদৰ্শনৰ সূত্ৰে কেইমাহমান পূৰ্বে এই প্ৰতিষ্ঠানটোক ৰাজ্য চৰকাৰখনে ব্লেক লিষ্টেড কৰিছিল ।

হায়দৰাবাদৰ সেই প্ৰতিষ্ঠানটোকে এতিয়া অসম চৰকাৰে লখিমপুৰ আৰু চিৰাং জিলাত পাম অইল খেতি কৰিবলৈ মাটি গতাই দিবলৈ সাজু হৈছে । ৰাজ্য চৰকাৰে শেহতীয়াকৈ এই দুয়োখন জিলাত পাম অইলৰ খেতিৰ বাবে দাগী প্ৰতিষ্ঠানটোক তালিকাভুক্ত কৰাৰ বিষয়টো উন্মোচিত হয় ।

উল্লেখ্য যে লখিমপুৰ জিলাত পাম অইলৰ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে । পাম অইলৰ খেতিৰ বাবে আন্তঃগাঁথনি, উপযুক্ত প্ৰাকৃতিক উৎস আৰু মানৱ শক্তি উভৈনদী থকাৰ হেতুকে জিলাখনত এই খেতি কৰিবলৈ দেশৰ কে’বাটাও প্ৰতিষ্ঠান আগবাঢ়ি আহিছে ।

একেদৰে চিৰাং জিলাতো অনুৰূপ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত পৰ্যাপ্ত হাৰত পাম অইলৰ খেতি কৰাৰ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞমহলে । স্বাভাৱিকতে এই দুয়োখন জিলাত পাম অইলৰ কৃষিকাৰ্যৰ বাবে দেশৰ কে’বাটাও প্ৰতিষ্ঠানে ৰাজ্য চৰকাৰক দিয়া প্ৰস্তাৱৰ আধাৰত কৃষি বিভাগে দুয়োখন জিলাৰ দায়িত্ব দিয়াৰ বাবে একাংশ প্ৰতিষ্ঠানৰ নাম-তালিকা প্ৰস্তুত কৰি জাননী জাৰি কৰিছে । লগে লগে ‘৩এফ অইল পাম প্ৰাইভেট লিমিটেড’ক লৈ আপত্তিৰ সৃষ্টি হৈছে ।

কৃষি বিভাগৰ এক সূত্ৰই সদৰী কৰা মতে, চত্তিছগড়ত পাম অইলৰ খেতি কৰাৰ বাবে এই প্ৰতিষ্ঠানটোৱে ২০১১ত ৰাজ্য চৰকাৰৰ লেণ্ড বেংকৰ পৰা ভূমি হস্তগত কৰি এই মূল্যৱান ভূখণ্ডক কোম্পানীটোৰ নিজস্ব সম্পদ বুলি প্ৰদৰ্শন কৰে আৰু বাস্তৱ ক্ষেত্ৰত কোনো কৃষিকৰ্ম কৰাৰ পৰিৱৰ্তে আবণ্টিত ভূমি ভাগৰ মূল্যায়ন কৰি ৩এফ প্ৰাইভেট লিমিটেডে চৰকাৰী নিয়ম উলংঘা কৰে ।

পাম অইলৰ খেতি কৰাৰ নামত ভূমি আবণ্টন লৈ চৰকাৰী সম্পদ হস্তগত কৰাৰ কৌশল লোৱা প্ৰতিষ্ঠানটোৰ এই সকলো তথ্য পোহৰলৈ অহাৰ পাছত চত্তিছগড় চৰকাৰে শেহতীয়াকৈ ইয়াক ব্লেকলিষ্টেড কৰিছে । চত্তিছগড়ত পাম অইলৰ খেতিৰ বাবে চৰকাৰৰ স’তে স্বাক্ষৰ কৰা বুজাবুজি চুক্তিখনৰ প্ৰায় ছটা দফা উলংঘা কৰা এই প্ৰতিষ্ঠানটোকে এতিয়া অসম চৰকাৰে দুখনকৈ জিলাত পাম অইলৰ খেতি কৰাৰ বাবে আদৰিবলৈ তৎপৰ হৈছে ।

প্ৰসংগত উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ ‘দ্য নেছনেল এডিবল অইল মিছন ফৰ অইল পাম’ শীৰ্ষক এই প্ৰকল্পটোৰ বাবে সবৰ্মুঠ ১১,০৪০ কোটি টকা ধাৰ্য কৰা হৈছে । নিয়ম অনুসৰি, কৃষকক অইল পামৰ বীজ যোগানকে ধৰি আনুষংগিক প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদানৰ বাবদ সংশ্লিষ্ট কোম্পানীসমূহক এই আঁচনিৰ অধীনত চৰকাৰৰ পৰা সমুদায় ধন পৰিশোধ কৰাৰ ব্যৱস্থা আছে ।

সেয়েহে পাম অইলৰ খেতি কৰাৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে দেশৰ বিভিন্ন কৃষিভিত্তিক প্ৰতিষ্ঠানসমূহ ।

Exit mobile version