Car Accident : দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ : অভিযোগ ভুক্তভোগীৰ

দুৰ্ঘটনা সংঘটিত কৰি মই পলাই যোৱা নাছিলো , দুয়োপক্ষৰ ভাষ্য শুনা উচিত : বৰষাৰাণী

barakha with husband

barakha with husband

Car Accident :

শনিবাৰে নিশা শিৱসাগৰ চৰাইদেউৰ টেঙাপুখুৰীত এক দুৰ্ঘটনা সংঘটিত কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ।
প্ৰাপ্ত তথ্য অনুসৰি , চৰাইদেউ সাপেখাতী অঞ্চলত এটা অনুষ্ঠানত অংশ লৈ উভতি অহা সময়তে দলবাগানত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

অভিনেত্ৰীগৰাকীৰ স্বামী ভাস্কৰ বৰুৱাই গাড়ীখন চলাই আহিছিল । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই অভিনেত্ৰীগৰাকী পলায়ন কৰা অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । ভুক্তভোগীৰ অভিযোগ অনুসৰি নিশা অভিনেত্ৰীগৰাকীৰ গাড়ীখনে তেওঁলোকৰ অল্ট বাহনত খুন্দা মাৰে ।

ফলত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয় । ইতিমধ্যে ভুক্তভোগীয়ে টেঙাপুখুৰী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে , ঘটনা সংঘটিত কৰিয়েই অভিনেত্ৰীগৰাকী তেওঁৰ স্বামীসহ পলায়ন কৰাৰো অভিযোগ তুলিছে ভুক্তভোগীয়ে ।

শিৱসাগৰৰ সাপেখাতী অঞ্চলৰ এটা সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ যোৰহাটলৈ উভটি অহা অৱস্থাত অভিনেত্ৰীগৰাকীৰ বাহনখনে এক দুৰ্ঘটনা সংঘটিত কৰে  ।

নিশা প্ৰায় ১২-৩০ বজাত যোৰহাটলৈ উভতাৰ পথত বিপৰীত দিশৰ পৰা অহা এখন বগা ৰঙৰ অল্ট বাহনৰ লগত অভিনেত্ৰীগৰাকীৰ বাহনখনৰ দুৰ্ঘটনা হয় ।

ইয়াৰপিছতে পুৱা অল্ট বাহনখনত উঠি অহা পাঁচ যুৱকে সংবাদ মাধ্যমৰ আগত অভিনেত্ৰীগৰাকীৰ বাহনখনে নিশা দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বুলি মন্তব্য কৰে ।

অল্ট বাহনখনত মুঠ পাঁচজন লোক আছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত গোটেই নিশা তেওঁলোক বাহনখনৰ ভিতৰতে পৰি থাকে আৰু পুৱা ১০-৩০ মান বজাতহে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

বৰষাৰাণীৰ ভাষ্য

সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে বিয়লি অভিনেত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰি কোনো কাৰণতে পলোৱাৰ প্ৰশ্নয়েই থাকিব নোৱাৰে বুলি কয়।

নিশা নিৰ্জন পথছোৱাত বিপৰীত দিশৰ পৰা আহি থকা অল্ট গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাৰ দৰে অভিনেত্ৰীগৰাকীৰ গাড়ীৰ দিশে আহিবলৈ উদ্যত হোৱাতহে এনেকৈ গাড়ীখনত খুন্দা মাৰিবলগা হ’ল বুলি মন্তব্য কৰাৰ লগতে গাড়ীখনে কোনোধৰণৰ আপাৰ –ল’ৱাৰ ডিপাৰ ব্যৱহাৰ নকৰাৰো অভিযোগ উত্থাপন কৰে ।

ইফালে নিশা স্বামী আৰু আত্মীয় এগৰাকীৰ সৈতে গৃহভিমুখী হোৱা অভিনেত্ৰীগৰাকী নিৰাপত্তাজনিত আশংকাত ভুগি দুৰ্ঘটনা সংঘটিত হোৱা ঠাইত ৰৈ নাথাকি  পোনে-পোনেই থানাৰ দিশলৈ গতি কৰা বুলিও কয় ।

অভিনেত্ৰীগৰাকীয়ে এইবুলিও মন্তব্য কৰে যে , প্ৰচাৰ মাধ্যমসমূহে দুয়োপক্ষৰ ভাষ্য নুশুনাকৈ বাতৰি পৰিবেশন কৰিব নেলাগে ।

ইতিমধ্যে দুয়োপক্ষই শিৱসাগৰৰ টেঙাপুখুৰী থানাত এজাহাৰ দাখিল কৰিছে ।

 

Exit mobile version