Bike Stunt Youth Arrested:ৰাজপথত বাইক ষ্টান্ট কৰা পাঁচ যুৱকক আটক আৰক্ষীৰ

9fad69f8 9bf1 4fc7 85d0 ad0d32894d8f

Bike Stunt Youth Arrested :

কিছুদিন পূৰ্বে বিলাসীপাৰাত এগৰাকী বৃদ্ধাক বাইকেৰে খুন্দিয়াই মৰাৰ পাছত ফেচবুকত অকপট স্বীকাৰোক্তিৰে বন্য উল্লাস কৰা পাঁচ যুৱকৰ কাণ্ডক লৈ ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া৷

আনকি মুখ্যমন্ত্ৰীৰ কাড়া নিৰ্দেশত আৰক্ষীয়ে আত্মগোপন কৰি থকা অৱস্থাতে চাৰি উদণ্ড যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উদণ্ড বাইক চালকৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ পোৱাৰ পাছতে বাইক ষ্টান্টৰ বাবে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে কিছুদিন পূৰ্বে জনসাধাৰণৰণলৈ জাৰি কৰে এক বিশেষ আহ্বান ।
ইয়াৰ পাছতে সষ্টম হৈ উঠিছে অসম আৰক্ষী।

সোমবাৰে হাইলাকান্দি আৰক্ষীয়ে ৰাজপথত বাইক ষ্টান্ট কৰা পাঁচজন উদণ্ড যুৱকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ পুনৰ আহ্বান ৰাজপথত বাইক ষ্টান্ট কৰিলে নাপাব কোনেও ৰেহাই ।

হাইলাকান্দি আৰক্ষীৰ জালত পৰা পাঁচ বাইক ষ্টান্ট কৰা যুৱক কেইজন হ’ল – আব্দুল আজিজ,আব্দুৰ ৰহমান,নুৰ আমিন, ফকৰুল ইছলাম আৰু ইকবাল হুচেইন।

Exit mobile version