Gaurav Gogoi : নেডাক তীব্ৰ কটাক্ষ সাংসদ গৌৰৱ গগৈৰ

নেডা এতিয়া পৰিণত হৈছে 'নৰ্থ ইষ্ট ডিভাইড এলায়েন্স

WhatsApp Image 2022 12 19 at 17.50.05 1

Gaurav Gogoi :

লোকসভাত কংগ্রেছ দলৰ উপ- দলপতি তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে আজি সদনত অসম-মেঘালয় আৰু অসম – মিজোৰাম সীমান্তত সংঘটিত হৈ যোৱা দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে উত্থাপন কৰে ।

তেওঁ উল্লেখ কৰে যে যিকেইখন ৰাজ্যৰ মাজত আমাৰ সীমান্তত দুৰ্ভাগ্যজনক সংঘর্ষ হৈছে সেই কেউখন ৰাজ্যতে বৰ্তমান বিজেপি দলৰ নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমু নেডাৰ চৰকাৰ আছে ।

কিন্তু বাস্তৱত নেডা উত্তৰ পূবত ‘নৰ্থ ইষ্ট ডিভাইড এলায়েন্স ‘লৈহে পৰিণত হৈছে বুলি কটাক্ষ কৰে। তেওঁ লগতে কয় যে আমি কাৰোৱে লগত সংঘাত নিবিচাৰোঁ, উত্তৰ-পূবৰ সকলোৱে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীয়ে থাকিব বিচাৰো।

কিছুদিনৰ আগতে মিজোৰাম আৰক্ষী আৰু অসম আৰক্ষীৰ মাজত গুলীয়াগুলী হোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰবাবে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ক এচ অ পি দিবলৈও সাংসদ গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই।

Exit mobile version