Qatar Stadium : সফল প্ৰতিযোগিতা উপহাৰ দিলেও লাভৱান নহ’ব পৰ্যটন

খালি হৈ পৰিল হোটেল

fifa

Qatar Stadium :

সুদীৰ্ঘ ১২ বছৰৰ পূর্বে বিশ্বকাপ আয়োজনৰ দায়িত্ব লাভ কৰিছিল কাটাৰে। ২০১০ত ফিফাই যেতিয়া কাটাৰক বিশ্বকাপ আয়োজনৰ দায়িত্ব প্রদান কৰিছিল, তেতিয়া বহুতেই ইয়াৰ সফলতাক লৈ সন্দেহ প্ৰকাশ কৰিছিল।

ইয়াৰ প্ৰধান কাৰণ হৈছে দেশখনত ফুটবলৰ কম জনপ্ৰিয়তা আৰু প্ৰচণ্ড উত্তাপ তথা কঠোৰ ৰক্ষণশীলতা। অৱশ্যে পৰৱৰ্তী ১২টা বছৰত প্রায় তিনিশ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় আৰু এলানি বিতর্ক সত্ত্বেও ক্ষুদ্র উপসাগৰীয় দেশখনে উপভোগ্য বিশ্বকাপৰ লগতে বাণিজ্যিক দিশৰ পৰাও অত্যন্ত সফল প্রতিযোগিতা উপহাৰ দিলে।

এই বিশ্বকাপৰ সফলতাৰ কথা ফিফায়ো স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। কঠোৰ ৰক্ষণশীলতা সত্ত্বেও প্রতিযোগিতা চলাকালীন বিশেষ বিতৰ্কৰ সূত্ৰপাত নহ’ল।

ইয়াৰ বাবে কাটাৰে কৃতিত্ব লাভ কৰিলেও বিশ্বকাপৰ অন্তত দেশখনে স্বাভাৱিক অৱস্থালৈ অহাৰ পাছত এক কঠিন বাস্তৱৰ সন্মুখীন হ’ব লাগিব।

বিগত প্রায় এটা মাহত কাটাৰৰ ৰাজধানী ড’হাত সাত লাখৰ অধিক ফুটবল অনুৰাগীয়ে ভিৰ কৰি আছিল। এই অনুৰাগীসকল ঘৰলৈ উভতি যোৱাৰ লগে লগে ড’হা খালী হৈ পৰিব।

সমর্থকসকলে ইতিমধ্যে নিজগৃহলৈ উভতি যাবলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজত আছে বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী শ্রমিকো। এনে পৰিস্থিতিত বহু বিল্ডিং অর্ধনির্মিত হৈ থকাৰ আশংকা কৰিলে ৰিয়েল এষ্টেট কোম্পানীসমূহে।

সেইদৰে হোটেলসমূহৰ কোঠাবোৰ ক্ৰমান্বয়ে খালী হৈ পৰাৰ সমান্তৰালকৈ বিশ্বকাপৰ খেল অনুষ্ঠিত হোৱা ছখন ষ্টেডিয়ামৰ ভৱিষ্যতো অনিশ্চিত হৈ পৰিছে।

বিশ্বকাপ আয়োজনৰ ক্ষেত্ৰত কাটাৰৰ এক বিশেষ দীর্ঘকালীন পৰিকল্পনাও আছিল। নিজৰ ভাবমূর্তি আধুনিকীকৰণৰ সমান্তৰাললৈ ডুবাইৰ লেখীয়াকৈ পৰ্যটন আৰু বাণিজ্যৰ কেন্দ্ৰত পৰিণত হোৱাৰ লক্ষ্য বান্ধি লৈছিল কাটাৰে।

সচৰাচৰ বৃহৎ ক্রীড়া প্রতিযোগিতা আয়োজনৰ জৰিয়তেই বহু চহৰৰ বিকাশৰ বাট মুকলি হয়। অৱশ্যে ব্ৰিটেইনৰ ছাৰে বিশ্ববিদ্যালয়ৰ এক গৱেষণাই দাবী কৰিছে যে এনে বৃহৎ প্রতিযোগিতা আয়োজনৰ পৰা আর্থিকভাৱে লাভান্বিত হোৱা কথাটো আচলতে এক ভ্রান্ত ধাৰণা৷

প্ৰতিযোগিতা সমাপ্ত হোৱাৰ তাৎক্ষণিক পাছতে আয়োজক দেশ বা চহৰখনে আর্থিকভাৱে উন্নতি কৰাৰ কোনো প্রামাণিক তথ্য নাই। কাটাৰো ইয়াৰ ব্যতিক্রম হোৱা নাই।

আনকি বিশ্বকাপ সমাপ্ত হোৱাৰ পূৰ্বেই বহু বিল্ডিং তথা আবাসিক জিলা শূন্য হৈ পৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দুটা সপ্তাহত প্রায় সাত লাখ ৫০ হেজাৰ ফুটবল অনুৰাগী কাটাৰত উপস্থিত হোৱা বুলি আয়োজকে দাবী কৰিছিল।

কাটাৰ চৰকাৰেও দাবী কৰিছিল যে সফল বিশ্বকাপ আয়োজন কৰাত ব্যৰ্থ হ’ব বুলি দাবী কৰা সমালোচক মুখ তেওঁলোকে বন্ধ কৰিবলৈ সক্ষম হৈছে।একেখন চহৰতে বিশ্বকাপৰ খেলসমূহ আয়োজন কৰাৰ বাবে বিভিন্ন দেশৰ সমৰ্থকে একে ঠাইতে ভিৰ কৰি নিজৰ সংস্কৃতি পৰস্পৰৰ মাজত বিলাই দিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে বহুজনেই প্ৰশংসা কৰিছে।

তথাপি কাটাৰখন পৰ্যটকৰ বাবে আগন্তুক দিনতো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব নে নাই, সেয়া এতিয়াও অনিশ্চিত। আজি বিশ্বকাপৰ ফাইনেলিষ্ট দল দুটা আৰু তেওঁলোকৰ সমৰ্থকসকলে কাটাৰৰ পৰা বিদায় লোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ দৃষ্টি আন ক’ৰবাত নিবদ্ধ হ’ব।

তাৰ পাছত কিন্তু কাটাৰৰ প্ৰতি পুনৰ আকৰ্ষণ জন্মিব পৰাকৈ একো নাথাকিল দেশখনত। ফুটবল বিশ্বকাপ কোনো এখন দেশক আয়োজনৰ দায়িত্ব দিয়াৰ পাছত দীৰ্ঘদিনৰ পৰা সেই দেশখনে আন্তঃগাঁথনিত মনোনিবেশ কৰে।

অধিকাংশ ষ্টেডিয়াম নতুনকৈ নিৰ্মাণ কৰা হয়, যাতে প্রতিযোগিতাৰ অন্তত নিজৰ দেশৰ ক্ৰীড়াই ইয়াৰ পৰা লাভৱান হ’ব পাৰে। ইয়াৰ সমান্তৰালকৈ পৰৱৰ্তী সময়ত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ ষ্টেডিয়াম বা অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ কৰা হয়।

অথচ কাটাৰ এই ক্ষেত্ৰত ব্যতিক্রম। ফুটবলৰ প্ৰতি সাধাৰণ মানুহৰ আকৰ্ষণ থাকিলেও দেশখনত এই খেলৰ ভেটি বৰ সবল নহয়। ফলত দেশখনত উন্নত মানৰ তথা প্ৰতিযোগিতামূলক ফুটবল লীগৰ অভাৱ আছে।

এই অভাৱৰ বাবেই আগন্তুক দিনত ড’হাৰ এই ষ্টেডিয়ামসমূহৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিছে। এতিয়া এই ষ্টেডিয়ামসমূহ হয় ভাঙি পেলোৱা হ’ব বা আন কোনো অনুষ্ঠানলৈ পৰিৱৰ্তিত কৰা হ’ব।

ষ্টেডিয়াম ৯৭৪ নামৰ ষ্টেডিয়ামখন জাহাজ ৰখা কণ্টেইনাৰ ভাঙি নিৰ্মাণ কৰা হৈছিল, তাকো অস্থায়ীভাৱে। এটা ফেশ্বন শ্ব’ আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজিত হোৱাৰ পাছতে ষ্টেডিয়ামখন ভাঙি পেলোৱা হ’ব। আন ষ্টেডিয়ামসমূহ হোটেল বা শ্বপিং মললৈ পৰিৱৰ্তিত কৰা হ’ব বা স্থানীয় ফুটবল দলসমূহে খেলিব পৰাকৈ ইয়াৰ আকাৰ সৰু কৰা হ’ব।

Exit mobile version