Sunny Leone Fitness Tips : ৪২ বছৰ বয়সীয়া চানি লিওনিৰ ফিটনেচ ৰহস্য কি ? নিজেই ক’লে অভিনেত্ৰীগৰাকীয়ে 

Sunny workout

Sunny Leone Fitness Tips :

‘জিচম-২’ ছবিৰ হাতত ধৰি বলীউডত আত্মপ্ৰকাশ কৰিছিল চানি লিওনিয়ে । ইয়াৰ পিছত ‘বিগ বচ’ ৰ খণ্ডতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক ।

বলীউডত প্ৰৱেশ কৰাৰ পূৰ্বে লিওনি এগৰাকী পৰ্ণতাৰকা হিচাপে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল । অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম আছিল কৰণজিৎ কৌৰ । পাছত অৱশ্যে চানি লিওনি নামেৰে তেওঁ জনপ্ৰিয়তা লাভ কৰে ।

বলীউডত প্ৰৱেশ কৰাৰ সময়ত অতীতৰ পেশাৰ কাৰণে তেওঁ বহু কটুক্তি শুনিছিল যদিও সকলো সমালোচনা তেওঁ হাঁহিমুখে গ্ৰহণ কৰিছিল । সকলো সমালোচনাৰ উৰ্ধত বৰ্তমান তেওঁ বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী ।

বৰ্তমান ৪২ বছৰ বয়সতো তেওঁ নিজৰ শাৰীৰিক সক্ষমতা ধৰি ৰাখিবলৈ সক্ষম হৈছে । সেই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজেই তেওঁৰ ফিটনেচ ৰহস্যৰ কথা ব্যক্ত কৰিলে ।

ৰাতিপুৱা খালি পেটত গৰম পানীত তুলসী পাতৰ ৰস আৰু নেমু টেঙাৰ ৰস মিহলাই সেৱন কৰে । ইয়াৰলগতে ৰাতিপুৱা চেণ্ডুইছ আৰু টোষ্ট খায় ।

নিৰামিষভোজী লিওনিয়ে দুপৰীয়া বিভিন্ন ধৰণৰ চালাড খায় ভাল পায় । ইয়াৰোপৰি তেওঁ কম তেল আৰু মচলাহীন খাদ্য সেৱন কৰে । মাজে-সময়ে পিৎজা, পাস্তাও খায় অভিনেত্ৰীগৰাকীয়ে । সমান্তৰালকৈ বিভিন্ন ধৰণৰ ফল-মূল খাইও দুপৰীয়াৰ সময় পাৰ কৰে তেওঁ । ফল-মূলৰ ভিতৰত তৰমুজ, মধুৰী, আনাৰস তেওঁৰ খুবেই প্ৰিয় ।

ৰুটি খাবলৈ লিওনিয়ে মুঠেই ভাল নাপায় । সেইয়েহে দৈনিক খাদ্য তালিকাত ৰুটি সংযোগ নকৰে তেওঁ । ৰুটিৰ সলনি আলুৰ পিটিকা বেছি পচন্দ কৰে তেওঁ ।

আহাৰ গ্ৰহণ কৰা সময়ত কোনোধৰণৰ কঠোৰ নিয়ম তেওঁ ভাল নাপায় । যাৰ যেনেকৈ মন যায় , সকলো খোৱা উচিত বুলি তেওঁ মন্তব্য কৰে । কিন্তু খোৱাৰ পৰিমাণৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো ভাল বুলি কয় অভিনেত্ৰগৰাকীয়ে । অকল ডায়েট নহয়, শৰীৰ চৰ্চাৰ ওপৰতো ধ্যান দিয়াৰ পোষকতা কৰে অভিনেত্ৰীগৰাকীয়ে । যিহেতু তেওঁ নিজেও দৈনিক ওৱেট ট্ৰেনিং আৰু শৰীৰ চৰ্চা কৰি আহিছে ।

Exit mobile version