Wine Shop : নিত্য নতুন যুক্তি : ৰাজ্যত অধিক সুৰা বিপণী স্থাপনৰ তৎপৰতা আৰম্ভ

wine shop 16464623844x3 1

Wine Shop :

অসমত সুৰাৰ নৈ বোৱাবলৈ ক’তো যেন খালী ঠাই ৰাখিব বিচৰা নাই চৰকাৰে। সেইবাবে আগন্তুক দিনবোৰতো প্রয়োজন আৰু চাহিদা অনুসৰি নতুন সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিবলৈ সিদ্ধান্ত লৈছে চৰকাৰে।

ইয়াৰ আচল কাৰণবোৰ লোকচক্ষুৰ আঁতৰত ৰাখিবলৈ পার্যমানে নতুন নতুন যুক্তি উলিওৱাৰ চেষ্টা চলাইছে। অথচ এনে তৎপৰতাৰ প্ৰকৃত কাৰণ হ’ল ৰাজহ সংগ্ৰহ বৃদ্ধি কৰা।

ব্যয়ৰ বিপৰীতে অসমৰ নিজা পুঁজি সংগ্ৰহৰ সুযোগ নিচেই কম। সেয়েহে সুযোগ থকা কোনো উৎসৰ পৰা ৰাজহ সংগ্ৰহৰ কোনো সুৰুঙা এৰি নিদিবলৈ চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

সম্প্রতি আবকাৰী বিভাগেই যেন হৈ পৰিছে চৰকাৰখনৰ ৰাজহ সংগ্ৰহৰ মূল উৎস। গতিকে এইক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। এনে কাৰণত আবকাৰী বিভাগে গ্রামাঞ্চলত সুৰা বিপণী স্থাপনৰ সিদ্ধান্ত লৈছিল ।

তাৰ ভিত্তিত ৰাজ্যখনৰ গাঁৱে-ভূঞে নতুন নতুন বিপণী স্থাপনৰ অনুজ্ঞাপত্র প্রদান প্রক্রিয়া অব্যাহত আছে। এই প্রক্রিয়াত গ্রামাঞ্চলত থকা বাৰবোৰকো সুৰা বিপণীলৈ পৰিৱৰ্তন কৰা হয় ।

এই পর্যায়ত গ্রামাঞ্চলত কমেও সাতশখন নতুন সুৰা বিপণী স্থাপনৰ লক্ষ্য বিভাগটোৱে লৈছে। চৰকাৰৰ এই কার্যক লৈ সর্বত্র সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে; কিন্তু তেনে প্রতিক্রিয়ালৈ চৰকাৰে কৰ্ণপাত কৰা নাই।

বৰঞ্চ ওলোটাই অধিকৰ পৰা অধিকতৰ বিপণী স্থাপনৰ অনুজ্ঞাপত্ৰ দিয়াৰহে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত অনুজ্ঞাপত্ৰ থকা নতুন সুৰা বিপণী স্থাপন কৰিব বিচৰা সন্দৰ্ভত বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে চৰকাৰে মানুহক সুৰা সেৱনৰ প্ৰতি উৎসাহিত নকৰে; কিন্তু অসমত বিষাক্ত সুৰাৰ প্ৰচলন হৈ আছে।

এইবোৰে মানব দেহৰ ভয়ংকৰ ক্ষতি কৰে। তেনে ক্ষতি নহ’বৰ বাবে তথা বিষাক্ত সুৰাৰ প্ৰচলন বন্ধ কৰাৰ উদ্দেশ্যে চৰকাৰে ৰাজ্যত অনুজ্ঞাপত্ৰ থকা সুৰাৰ প্ৰচলনত গুৰুত্ব দিছে।

জনস্বাৰ্থৰ খাতিৰত আনকি পৰম্পৰাগত জনজাতীয় তথা জনগোষ্ঠীয় সুৰাৰ পৰীক্ষাতো মন্ত্ৰীজনে গুৰুত্ব আৰোপ কৰে। এই প্ৰসংগতে আবকাৰী বিভাগৰ শীৰ্ষ বিষয়াৰ সূত্ৰই সদৰী কৰে যে অসমত প্ৰতি বছৰে বিষাক্ত সুৰা সেৱন কৰি ৩০জনকৈ লোকৰ মৃত্যু হয় বুলি শেহতীয়াভাৱে স্বাস্থ্য বিভাগৰ পৰা তেওঁলোকক অৱগত কৰিছে।

এই যুক্তিৰ আলমত নতুন অধিক সুৰা বিপণীৰ প্ৰয়োজনীয়তাৰ দিশটো বিবেচনা কৰা হৈছে। তদুপৰি অসমত অৰুণাচলী চোৰাং সুৰাৰ প্ৰচলনতো ইয়াৰ জৰিয়তে বাধা দিব বিচৰা হৈছে।

সূত্ৰটোৱে কয় যে চোৰাং সুৰাৰ প্ৰচলনত বাধা প্ৰদানত সক্ৰিয়তা প্ৰদৰ্শন কৰাৰ বিপৰীতে নতুন বিপণী স্থাপনেৰে বৈধ সুৰাৰ যোগান অপর্যাপ্ত কৰাতহে চৰকাৰে অগ্ৰাধিকাৰ দিয়ে৷

তেনেদৰে বিষাক্ত সুৰা প্রস্তুতৰ লগত জড়িতসকলক কৰায়ত্ত কৰি শাস্তি বিহাৰ পৰিৱৰ্তে সমস্যাটো নতুন বিপণী স্থাপনেৰেহে হ্রাস কৰাৰ সিদ্ধান্ত লোৱা হয়৷ ইয়াৰ মূল কাৰণটোৱে হ’ল চৰকাৰৰ ৰাজভঁৰাল টনকিয়াল কৰা।

সূত্ৰটোৱে লগতে উল্লেখ কৰে যে অসমত সুৰা প্রস্তুতৰ নতুন উদ্যোগ স্থাপনতো চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিছে। কেইটামান চৰ্ত পূৰণ হ’লে অচিৰে নতুন কে’বাটাও সুৰা উদ্যোগ স্থাপনৰ পথ প্রশস্ত হ’ব।

Exit mobile version