AIUDF Protest : বটদ্ৰৱা উচ্ছেদক লৈ এ আই ইউ ডি এফৰ উত্তাল প্ৰতিবাদ

বিধানসভাৰ প্ৰৱেশদ্বাৰৰ মাটিত বহি প্ৰতিবাদ শ্বেৰমান আলীৰ

0331bd1e fff6 4624 8fd8 c0f76b2aa7e8 1

AIUDF Protest :

পাঁচদিনীয়াকৈ আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিবেশন৷ সদনৰ প্ৰশ্নোত্তৰ শিতান চলি থকা সময়তে এ আই ইউ ডি এফৰ বিধায়ক সকলে বটদ্ৰৱা উচ্ছেদক লৈ তীব্ৰ প্ৰতিবাদ কৰি সদন ত্যাগ কৰে ৷

পাছত দলটোৰ আটাইকেইগৰাকী বিধায়ক সদনৰ বাহিৰলৈ ওলাই আহি হাতে হাতে ‘ অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰক”এটা জনগোষ্ঠীক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক’শীৰ্ষক প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷

এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল হুছেইন আৰু কৰিম উদ্দিন বৰভূঞাই বটদ্ৰৱা উচ্ছেদক লৈ চৰকাৰৰ পদক্ষেপক তীব্ৰ গৰিহণা দিয়ে ৷ উচ্ছেদ কৰাৰ পূৰ্বে লোকসকলক এক নিৰাপদ স্থানত সংস্থাপিত কৰাটো চৰকাৰ খনৰ দায়িত্ব হ’ব লাগিছিল যদিও নাগৰিক এজনৰ মৌলিক অধিকাৰ খৰ্ব কৰি হাড় কপোঁৱা শীতৰ সময়ত এইদৰে উচ্ছেদ কৰাটো কেতিয়াও সমৰ্থনযোগ্য নহয় বুলি মন্তব্য কৰে বিধায়ক দ্বয়ে ৷

আনহাতে এ আই ইউ ডি এফৰ বিধায়কৰ দলটোৰ স’তে সদন ত্যাগ কৰা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে বিধানসভা প্ৰৱেশদ্বাৰ সন্মুখৰ মাটিত হাতত প্লেকাৰ্ড লৈ বটদ্ৰৱা উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Exit mobile version