Dispur Car Theft :মহানগৰীত পুনৰ গাড়ী চুৰিৰ ঘটনা

পাকিংত ৰখাই থোৱাৰ পৰাই চুৰি হ'ল বলেৰ'

images 18

Dispur Car Theft :

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধমূলক কাৰ্যকলাপ ৷

সোমবাৰৰ দিনটোতে দিন দুপৰতে দুৰ্বৃত্তই দুটা ভিন্ন স্থানত মহিলাক পিষ্টল দেখুৱাই ৰাজপথৰে পৰা কাঢ়ি নিয়ে সোনৰ চেইন ৷এফালে চিলনী চোৰ আনফালে গাড়ী চোৰ৷ এইদৰেই এতিয়া নিদ্ৰা হৰিছে মহানগৰবাসীৰ ৷

সোমবাৰে নিশা দিছপুৰ সচিবালয়ৰ গাতে লাগি থকা চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুৰ পাকিং স্থানৰ পৰা চুৰ হ’ল এখন বলেৰ’৷
প্ৰাপ্ত খবৰ মতে ধুবু্ৰী জিলাৰ গৌৰীপুৰৰ ৰাজিবুল হক নামৰ লোকজতে তেওঁৰ অসুস্থ পুত্ৰক জি এন আৰ চিত ভৰ্তি কৰাই চুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ তলৰ পাকিংত তেওঁৰ এ এছ ১এইছ-৮৬২২ নম্বৰৰ বলেৰ’বাহন খন থৈ কাষৰে এটা লজলৈ যায় ৷

কিছু সময় পাছত অৰ্থাৎ নিশা ৮-২০ মান বজাত হকে পাকিংলৈ আহি দেখে তেওঁৰ বলেৰ খন ৰখাই থোৱা স্থানত নাই ৷ বহু খোচ খবৰ কৰাৰ পাছত নিশ্চিত হয় যে তেওঁৰ বাহন খন চুৰি হয় ৷

পুত্ৰৰ চিকিৎসাৰ বাবে মহানগৰীলৈ আহি নিজৰ বাহন খন চুৰি হোৱাত কিংকৰ্তব্যবিমূঢ় হৈ পৰে গৌৰীপুৰৰ দুৰ্ভগীয়া ৰাজিবুল হক৷ ইতিমধ্যে বাহন চুৰি হোৱাৰ সন্দৰ্ভত হকে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ ৷

দিছপুৰৰ বৰঘৰৰ পদুলিতে চোৰৰ হাতোৰা পৰাত চিন্তাম্বিত হৈ পৰিছে মহানাগৰিকউল্লেখ্য মহানগৰত শেহতীয়াকৈ আৰক্ষীয়ে অপৰাধ ৰোধ কৰাৰ বাবে ক্ৰাইম মেপ প্ৰস্তুত কৰিছে যদিও সেইয়া ফুটুকাৰ ফেনতহে পৰিণত হৈছে বুলি মতপ্ৰকাশ কৰে সচেতন মহলে ৷

Exit mobile version