Dispur Stamp Paper :
মহানগৰীত এতিয়া দলিলৰ কৃত্ৰিম নাটনি ৷ কৃত্ৰিম নাটনিৰ সূযোগ লৈছে একাংশ দলিল বিক্ৰেতা ভেণ্ডৰে ৷ প্ৰতিখন দলিল দুগুণ দামত বিক্ৰীৰে চলাই গৈছে ৰমৰমীয়া ব্যৱসায় ৷
মঙলবাৰে এজনলোকে এশটকীয়া দলিল এখন ক্ৰয় কৰিবলৈ গৈছিল ভেণ্ডৰ এজনৰ কাষলৈ ৷ কিন্ত এশটকীয়া দলিলৰ দাম বিচাৰে দুশ টকা ৷
অৰ্থাৎ দুগুণ দামত বিক্ৰী ৷ অত্যন্ত জৰুৰী বাবে লোকজনে দুগুণ দাম দিয়েই ক্ৰয় কৰে এশ টকীয়া দলিল খন।
এতিয়া প্ৰশ্ন হয় কোনে নাকী লগাব এই সকল ধুৰন্ধৰ ভেণ্ডৰক ৷