Distribution Of Financial Assitance:ক’ভিডৰ প্ৰাদুৰ্ভাৱত আৰ্থিক সংকটৰ সন্মুখীন হোৱা

পুৰোহিত আৰু নামঘৰীয়াক মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য

WhatsApp Image 2022 12 20 at 20.52.02

Distribution Of Financial Assitance:

ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পুৰোহিত আৰু নামঘৰীয়াসকলক আৰ্থিক সকাহ দিয়াৰ বাবে আজি ৰাজ্য চৰকাৰে বিতৰণ কৰে আৰ্থিক সাহায্য ৷

জনতা ভৱনৰ সভাকক্ষত আয়োজিত এক সভাত ৰাজ্যখনৰ বিভিন্ন স্থানৰ অহা পুৰোহিত আৰু নামঘৰীয়ালৈ দহ হাজাৰ টকাৰ এককালীন অনুদান প্ৰদান কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

এই উপলক্ষে আয়োজিত সভাখনত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই কয়,আমাৰ আধ্যাত্মিক জীৱনধাৰা শক্তিশালীকৰণৰ দিশত পুৰোহিত আৰু নামঘৰীয়াসকলে যি বৰঙণি যোগাই আহিছে তাৰ জৰিয়তে সনাতন ধৰ্মই এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে ৷

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পুৰোহিত আৰু নামঘৰীয়াৰ বাবে মুঠ আবেদনকাৰীৰ সংখ্যা ৯,৯৮৭গৰাকীৰ পৰা ৬,১২৪গৰাকীক বাছনি কৰা হয় ৷

আনহাতে পুৰোহিতৰ মুঠ আবেদনকাৰী ৫,৯৩৩গৰাকীৰ ভিতৰত ২,৪৩৮গৰাকীক বাছনি কৰা হয় বুলি উল্লেখ কৰে ৷

অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিমল বড়া, যোগেন মহন, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, বিদ্যাছিং ইংলেঙকে ধৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰী সহ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Exit mobile version