Guinness World Records :
একেলগে সর্বাধিক সংখ্যক সন্তান জন্ম দি গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰিলে মালিৰ এগৰাকী মহিলাই। একেলগে নটা সন্তান জন্ম দিলে মহিলাই।
চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় ন’নুপ্লেট। কিন্তু ইমানদিনে এই ন’নুপ্লেট কেৱল চিকিৎসা বিজ্ঞানৰ গ্ৰন্থতে আৱদ্ধ আছিল।
প্ৰথমবাৰৰ বাবে ২০২১ বৰ্ষত সকলোকে অবাক কৰি মালি নিবাসী এগৰাকী মহিলাই একেলগে প্ৰসৱ কৰিলে নটা সন্তান। হালিমা ছিচে নামৰ মহিলাই এই অভিলেখ ৰচনা কৰিলে।
মাত্র ২৫ সপ্তাহৰ গৰ্ভধাৰণৰ পাছতে হালিমাৰ শৰীৰ অসুস্থ হৈছিল। হাস্পতালত দীর্ঘদিন থকাৰ পাছত চিকিৎসাক হালিমাৰ অস্ত্ৰোপচাৰ কৰি নটাকৈ সন্তান জন্ম দিয়ালে।
৩৫ জন চিকিৎসকে হালিমাৰ অস্ত্রোপচাৰ কৰিছিল। হালিমাই একেলগে পাঁচ কন্যা আৰু চাৰিটা পুত্র সন্তান জন্ম দিছিল।
কিন্তু অত্যধিক ৰক্তক্ষৰণৰ ফলত হালিমাৰ স্বাস্থ্যৰ অৱনতি হৈছিল। সদ্যোজাত সন্তানৰ ওজন আছিল মাত্র ৫০০ গ্ৰামৰ পৰা এক কিলোগ্রাম।
সন্তানকেইটা জীয়াই থাকিব নে নাথাকে তাক লৈয়ো চিকিৎসকৰ শংকা হৈছিল। জন্মৰ পাছত সেয়েহে দীর্ঘদিন সন্তানকেইটাক ইনকিউবেটত ৰাখিব লগা হৈছিল।
মালিৰ পৰিৱৰ্তে মৰস্কোৰ চিকিৎসালয়ত হালিমাৰ সম্ভানকেইটাক ৰখা হৈছিল। ১৯ মাহ ধৰি সেই চিকিৎসালয়তে গভীৰ পৰ্যবেক্ষণত ৰখা শিশুকেইটা অৱশেষত সুস্থ-সবলভাৱে ডাঙৰ হৈ উঠিল।
হালিমাৰ স্বামী আবডেলকাদেৰ আৰবিয়ে জনোৱা অনুসৰি, তেওঁলোকৰ ন যমজ সন্তান এতিয়া সম্পূর্ণ সুস্থ আৰু স্বাভাৱিকভাৱে ডাঙৰ দীঘল হৈছে।
নটা সন্তান পৰিচৰ্যা কৰাৰ ক্ষেত্ৰত হালিমা আৰু তেওঁৰ স্বামীয়ে যথেষ্ট কষ্ট কৰিব লগা হৈছে। দীর্ঘদিন মৰস্কোৰ চিকিৎসালয়ত থকাৰ পাছত অলপতে হালিমাই তেওঁৰ নটা সন্তানসহ ঘৰলৈ উভতি আহিল।
একেলগে জন্ম লাভ কৰা নটা সন্তানক এবাৰ চাবলৈ বহু লোকে সম্প্রতি মালিত থকা হালিমাহঁতৰ ঘৰত ভিৰ কৰিছে। বিশ্বত প্ৰথমবাৰ কোনো মহিলাই একেলগে নটা সন্তান জন্ম দিলে।
অলপতে গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত হালিমাৰ নাম অন্তর্ভুক্ত হ’ল বিশ্বৰ সৰ্বাধিক সংখ্যক একেলগে সন্তান জন্ম দিয়া মহিলা হিচাপে। হালিমাৰ পূৰ্বে আমেৰিকাৰ এগৰাকী মহিলাই একেলগে সর্বাধিক আঠ সন্তান জন্ম দিছিল।
২০০৯ত নাদিয়া ছুলেমান নামৰ এগৰাকী মহিলাই আঠ যমজ সন্তান জন্ম দি এই অভিলেখ ৰচিছিল। এইবাৰ নাদিয়াৰ অভিলেখ ভংগ কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত সৰ্বাধিক সংখ্যক যমজ সন্তান জন্ম দিয়াৰ কৃতিত্ব অর্জন কৰিলে হালিমাই।






























