Patanjali : পতঞ্জলিৰ অনলাইন বৈঠক চলাৰ সময়ত পৰ্ণ ভিভিঅ ‘ চলালে যুৱকে ! তাৰ পাছত ..

WhatsApp Image 2022 12 20 at 19.11.37

Patanjali :

পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানৰ অনলাইন বৈঠক চলি আছিল। হঠাতে, জুম কলত বৈঠকৰ মাজতে, এজন যুৱকে পৰ্ণ ভিডিঅ’ আপলোড কৰি সেইটো চলালে ।

যি দেখি ভাৰ্চুৱেল যোগেদি বৈঠকত অংশ লোৱা সকলো হতবাক হৈ পৰিল । এনে অভিযোগ উত্থাপন হ’ল মহাৰাষ্ট্ৰৰ পুনেৰ এজন যুৱকৰ বিৰুদ্ধে ।

উত্তৰাখণ্ডৰ হৰিদ্বাৰস্থিত বাহাদুৰাবাদ আৰক্ষী থানাত পতঞ্জলিৰ তৰফৰ পৰা কমল ভাদোৰিয়া আৰু শিৱ ৱালিয়াই যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। ঘটনাটো মঙলবাৰে পোহৰলৈ আহে । অৱশ্যে এই বৈঠকখন কেতিয়া হৈছিল সেয়া জানিব পৰা হোৱা নাই ।

অজয় সিঙ নামৰ এজন আৰক্ষী বিষয়াই জনাইছে যে পতঞ্জলি যোগপীঠৰ সদস্যসহ বহুলোকে ‘জুম মিটিং’ত যোগ দিয়ে । বৈঠকত বহুতো বিদেশীৰ লগতে মহিলাও যোগ আছিল ।

বৈঠকত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চলিছিল । অভিযোগ, সেই সময়ত হঠাতে এজন যুৱকে এটা ভিডিঅ’ আপলোড কৰি বজাই।

প্ৰাপ্ত তথ্য অনুসৰি, যুৱকজনৰ নাম আকাশ। তেওঁ পুনেৰ ইৰেৱাড়াৰ বি. কম মহাবিদ্যালয়ৰ চৌহদৰ ওচৰত বাস কৰে। এই প্ৰতিবেদন লিখাৰ সময়লৈকে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই । সমগ্ৰ ঘটনাক লৈ অস্বস্তিত পৰিছে পতঞ্জলি ।

Exit mobile version