Akhil Gogoi Expelled : বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনাও সদনৰ পৰা বহিস্কাৰ অখিল গগৈক

akhil gogoi

Akhil Gogoi Expelled :

মঙলবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

উল্লেখ্য যে মেঘালয় – অসমৰ বিবদমান ভূমিক লৈ চলি থকা বিৰ্তকত ভাগ লৈ সদনৰ মজিয়াত অখিল গগৈ আৰু মন্ত্ৰী অতুল বৰাৰ মাজত সৃষ্টি হয় তীব্ৰ বাদানুবাদ।

অখিল গগৈয়ে অতুল বৰাক ‘ঐ দম নিদিব’ বুলি কোৱাৰ পাছতে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ গগৈৰ এই মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

অখিল গগৈক ক্ষমা খোজাৰ বাবে আহ্বান জনাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়, ‘‘সদনত বক্তব্য ৰাখিবলৈ গৈ অসংসদীয় মন্তব্য কৰাটো অনুচিত ৷

এনে ব্যৱহাৰ কৰা উচিত নহয়। আনহাতে কাৰোবাৰ এই দৃষ্টিভংগীৰ বাবে সদন অচল হ’ব নোৱাৰে। সদনৰ নিদিষ্ট নিয়ম নীতি আছে ৷আনকি সদনত বেয়া ব্যৱহাৰ কৰিলে অধ্যক্ষই এটা বাক্যত বিধায়ক পদ খাৰিজ কৰিব পাৰে।’’ ইয়াৰ পাছতে অধ্যক্ষ গগৈক সদনৰ পৰা বহিস্কাৰ কৰি মাৰ্চেল লগাই উলিয়াই দিয়ে৷

শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাই অখিল গগৈক সদনৰ আটাইকেইদিনৰ বাবে নিলম্বন কৰিবলৈ দাবী জনায় ৷ সদনৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য কৰি যে ,সদনৰ এনেবোৰ কাৰ্যই আমাক উদ্বিগ্ন কৰি তুলিছে ৷ প্ৰশ্নোত্তৰ সময়ছোৱাৰ সময় অনৰ্থক অথলে গৈছে। এনে ক্ষেত্ৰত চৰকাৰেও সদনত যথোপযুক্ত সঠিক উত্তৰ দিয়া উচিত।’

মনকৰিবলগীয়া যে মঙলবাৰেও প্ৰশ্নোত্তৰ সময়ছোৱাৰ বাবে সদনৰ পৰা বহিস্কৃত হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ

Exit mobile version