Corona Test : চীনৰ কৰ’না উপৰূপৰ সন্ধান পোৱাৰ পাছতেই সতর্কতা, বিমানবন্দৰত আৰম্ভ হৈছে কৰ’না পৰীক্ষণ

Covid test China 800x450 1

Corona Test :

চীনত পুনৰ উত্থান হৈছে কৰ’না ভাইৰাছৰ । দেশত চীনৰ কৰ’নাৰ নতুন উপৰূপ ধৰা পৰাৰ পাছতেই তৎপৰ হৈছে দেশ ।সংবাদমাধ্যম সূত্রে খবৰ  বুধবাৰৰ পৰা ভাৰতৰ প্রতিটো আন্তর্জাতিক বিমানবন্দৰত কৰ’না পৰীক্ষণ আৰম্ভ হৈছে ।

বিদেশৰ পৰা অহা বিমানবোৰৰ ক্ষেত্রত নিৰীক্ষণ বৃদ্ধি কৰা হৈছে । বিমানবন্দৰ সমূহক বিভিন্ন বিধিনিষেধ অৱলম্বন কৰাৰ নির্দেশ দিছে চৰকাৰে ।

বুধবাৰে দেশৰ কৰ’না পৰিস্থিতি সন্দৰ্ভত উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডবীয়‌ই । চৰকাৰী সূত্রে খবৰ, সেই বৈঠকত আলোচনা হৈছে সম্প্ৰতি নিয়ন্ত্রণত আছে দেশৰ কৰ’না পৰিস্থিতি ।

নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা বিশেষ বৃদ্ধি পোৱা নাই । তৎস্বত্ত্বেও বিশ্বব্যাপী কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৃথককৈ থকাৰ সিদ্ধান্ত লোৱা হৈছে এই বৈঠকত ।

প্রসংগত, চীনত পুনৰ উদ্বেগ বৃদ্ধি কৰিছে কৰ’না পৰিস্থিতিয়ে । ক’ভিড বিধি নিষেধ শিথিল হোৱাৰ পাছতেই চীনত সংক্ৰমণৰ সংখ্যা বাঢ়িছে ।

হাস্পাতালবোৰত শয্যা পোৱা নাই কৰ’না ৰোগীয়ে । সামাজিক মাধ্যমচ ভাইৰেল হোৱা বিভিন্ন ভিডিঅ’ত দেখা গৈছে, কোনো হাস্পাতালৰ মজিয়াতে কৰ’না ৰোগীৰ চিকিৎসা হৈছে ।

কোনো ঠাই ৰোগী নিৰীক্ষণ কৰি কৰি ক্লান্ত হৈ পৰা চিকিৎসক ৰোগীৰ কাষতে শুই পৰিছে ।

এই পৰিপ্রেক্ষিততেই বুধবাৰে অ’মিক্রন বিএফ. ৭-ৰ আক্রান্ত চাৰিজনৰ সন্ধান পোৱা গৈছে ভাৰতত । কৰ’নাৰ এই নতুন উপৰূপৰ ফলত ত্রস্ত চীন ।

সেই দেশৰ অধিকাংশ কৰ’না আক্রান্তৰ শৰীৰত এই উপৰূপৰ সন্ধান পোৱা গৈছে । এনে পৰিস্থিতিত সতর্ক হৈছে ভাৰত ।

Exit mobile version