Covid 19 India : চীনত কৰ’না বৃদ্ধিৰ খবৰত উদ্বিগ্ন ভাৰত

সকলো ৰাজ্যকে সতর্ক কৰি বৈঠকৰ আহ্বান কেন্দ্রৰ

WhatsApp Image 2022 12 21 at 14.43.01

Covid 19 India :

চীনত কৰ’না সংক্রমণ বৃদ্ধিয়ে উদ্বেগ বঢ়াইছে ভাৰতৰো । পুনৰ আৰম্ভ হ’ব নেকি ভাইৰাছৰ তাণ্ডৱ ? অতীতৰ পৰা শিক্ষা লৈ এইবাৰ আৰম্ভণিৰ পৰাই পৰিকল্পনা কৰি জঁপিয়াই পৰিব বিচাৰিছে নৰেন্দ্র মোদী চৰকাৰ ।

ইতিমধ্যে সকলো ৰাজ্য‌ৰে কি কি কৰণীয় — তাৰ বিস্তাৰিত নির্দেশনা প্ৰেৰণ কৰিছে কেন্দ্র‌ই । লগতে, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্য‌ই অতিমাৰী পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ বাবে শীর্ষকর্তা আৰু বিশেষজ্ঞসকলৰ স’তে পর্যালোচনা বৈঠকত মিলিত হ’ব ।

চীনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে সকলো ৰাজ্যক নির্দেশ দিছে, তেওঁলোকে যাতে কৰ’না ভাইৰাছৰ সন্ধান পালেই নমুনা জিন’ম ছিকোৱেন্সিং-ৰ বাবে প্ৰেৰণ কৰে ‘ইনছাকগ’ত ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ অধীনস্থ ‘ইনছাকগ’এ ভাৰতত কৰ’নাৰ বিভিন্ন প্রজাতি (ষ্ট্ৰেন) সন্দৰ্ভত নিয়মিত চর্চা আৰু গৱেষণা চলাই যায় । কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে সকলো ৰাজ্যকে যি নির্দেশনা প্ৰেৰণ কৰিছে তাত কোৱা হৈছে, জাপান, আমেৰিকা, কোৰিয়া, ব্রাজিল আৰু চীনত হঠাৎ কৰ’না বৃদ্ধিৰ নিৰিখত প্ৰতিখন ৰাজ্যত জিন’ম ছিকোৱেন্সিঙৰ প্রক্রিয়া অধিক দ্রুতগামী কৰিব লাগিব ।

যাতে কৰ’নাৰ ৰূপ (ভেৰিয়েন্ট) আৰু তাৰ অগ্রগতি সম্পর্কে বিশদ ধাৰণা প্ৰস্তুত ৰখা সম্ভৱ হয় । আগন্তুক দিনত নতুন কোনো ৰূপ বা প্রজাতি ভয়ংকৰ হে উঠাৰ আগতেই যাতে প্রয়োজনীয় ব্যৱস্থা কৰি ৰাখিব পাৰি ।

ভাৰতত সম্প্ৰতি কৰ’না সংক্রমণ নায়েই বুলিব পাৰি । বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত ১১২টা নতুন সংক্রমণৰ খবৰ পোৱা গৈছে । যি সোমবাৰৰ তুলনাত যথেষ্ট কম ।

সোমবাৰে ভাৰতৰ সংক্রমিতৰ সংখ্যা আছিল ১৮১ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী সম্প্ৰতি দেশত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা ৩,৪৯০ ।

বিগত ২৪ ঘণ্টাত ভাৰতত কৰ’না আক্রান্ত হৈ তিনি জনৰ মৃত্যু হৈছে । মৃতসকলৰ ভিতৰত দুজন কেৰালাৰ বাসিন্দা, এজন মহাৰাষ্ট্রৰ । ইয়াৰ ফলত ভাৰতত কৰ’নাত মুঠ মৃত্যুৰ সংখ্যা বাঢ়ি হ’ল পাঁচ লাখ ৩০ হেজাৰ ৬৭৭ ।

ইপিনে বৰ্ধিত কৰ’নাৰ বিষয় লৈ ৰাজনীতিও জড়িত হৈ পৰিছে । কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে কংগ্রেছ সাংসদ ৰাহুল গান্ধীক এখন পত্ৰ লিখিছে । তাত কংগ্রেছৰ ভাৰত জোড়ো যাত্রাত কঠোৰভাৱে কৰ’নাবিধি অৱলম্বন কৰাৰ আবেদন জনোৱা হৈছে ।

টিকা নোলোৱা ব্যক্তিসকলক যাতে যাত্রাত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়, তাৰো আবেদন জনাইছে মাণ্ডব্য‌ই । লগতে লিখিছে, কৰ’না বিধি পালন যথাযথভাৱে সম্ভৱ নহ’লে যেন যাত্রা স্থগিত কৰি দিয়াৰ সিদ্ধান্ত লয় কংগ্রেছ নেতাসকলে ।

একেই পত্ৰ প্ৰেৰণ কৰা হৈছে ৰাজস্থানৰ  মুখ্যমন্ত্রী অশোক গেহলটলৈও । উলোটা প্রতিক্রিয়া দিছে কংগ্রেছৰ তৰফৰ পৰাও ।

পবন খেৰাৰ দাবী, কোনো নির্দিষ্ট ৰাজনৈতিক দলৰ কাৰ্যসূচীত হেঁচা প্ৰয়োগ কৰি যাত্রা বন্ধ কৰাৰ কৌশল গ্ৰহণ কৰিছে কেন্দ্র‌ই । এই ক্ষেত্ৰত মূল কাৰণ ক’ভিড-ভীতি নহয়, মোদীৰ কংগ্রেছ ভীতি ।

Exit mobile version