Guwahti Jica Water Supply Scheme:অৱশেষত মহানগৰবাসীৰ বাবে মুকলি হ’ল জাইকা পানী যোগান আঁচনি

মুখ্যমন্ত্ৰীয়ে মুকলি কৰে পানী যোগান ব্যৱস্থা

WhatsApp Image 2022 12 21 at 19.14.02 2

Guwahti Jica Water Supply Scheme :

বহু প্ৰতীক্ষাৰ অন্তত মহানগৰবাসীয়ে লাভ কৰিলে জাইকা পানী যোগান আঁচনি ৷ মহানগৰ খনৰ ১৩,০০০ হাজাৰ পৰিয়ালক পানী যোগান ধৰাৰ সামৰ্থ্য থকা খাৰঘুলিত জল শোধন প্ৰকল্পটো বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে কয়, সুৰক্ষিত, পৰ্যাপ্ত আৰু ২৪×৭ পানী যোগান হৈছে এখন আধুনিক আৰু উন্নত চহৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰাথমিক সুবিধা।

গুৱাহাটীক দেশৰ ভিতৰত আটাইতকৈ আধুনিক আৰু স্মাৰ্ট চহৰলৈ ৰূপান্তৰ কৰাৰ আমাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হয় ।

মহানগৰ খনৰ এক বৃহৎ অংশৰ তেৰহাজাৰ পৰিয়ালক পানী যোগান ধৰাৰ সামৰ্থ্য থকা এই প্ৰকল্পই সুৰক্ষিত আৰু বিশুদ্ধ খোৱাপানী যোগানেৰে গুৱাহাটীবাসীৰ সমস্যা হ্ৰাস কৰাত যথেষ্ট সহায় কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে জাইকা আৰু জাপান চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

আনহাতে এই প্ৰকল্পৰ বাকী অংশ আৰু অন্যান্য পানী যোগান প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

অনুষ্ঠানত চহৰ উন্নয়ন মন্ত্ৰী অশোক সিংহল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ জাপানৰ দায়িত্বপ্ৰাপ্ত বিষয়া অশোক চাওলা, ভাৰতত জাপানৰ দূতাবাস মিছনৰ মন্ত্ৰী আৰু উপ-প্ৰধান কুনিহিকো কাৱাজু, জাইকা-ভাৰতস্থ কাৰ্যালয়ৰ মুখ্য প্ৰতিনিধি মিৎছুনোৰি ছাইটো, আয়ুক্ত -সচিব কবিতা পদ্মনাভন, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ (মেট্ৰ’ )ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত আছিল।

Exit mobile version