Income Tax : ১৪ কোটি টকাৰ আয়কৰৰ জাননী পালে বিহাৰৰ দিন মজুৰিয়ে !

1671538019 income

Income Tax :

এজন দিন হাজিৰা কৰা লোকক ১৪ কোটি টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে আয়কৰ বিভাগে ।কেৱল সেয়াই নহয়, ঘৰত গৈ এখন জাননীও দি আহিছে আয়কৰ অধিকাৰীসকলে ।

১৪ কোটি টকাৰ জাননী পোৱাৰ পাছত, পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা । ঘটনাটো সংঘটিত হৈছে বিহাৰৰ ৰোহতাছ জিলাত ।

দৈনিক মজুৰী শ্ৰমিক জনৰ নাম মনোজ যাদৱ। তেওঁ কাৰগাহাৰ গাঁৱৰ এজন বাসিন্দা। শনিবাৰে তেওঁৰ ঘৰত আয়কৰ বিভাগৰ এটা দল উপস্থিত হয় ।

তাৰ পাছত তেওঁলোকে মনোজক এখন জাননী প্ৰদান কৰে । জাননী অনুসৰি, মনোজে ১৪ কোটি টকাৰ আয়কৰ তৎক্ষণাৎ পৰিশোধ কৰিব লাগে।

এজন দিন মজুৰী কৰা লোকৰ বাবে যিটো সপোনৰো বাহিৰত ।আয়কৰ বিষয়াসকলে দাবী কৰে যে দৈনিক মজুৰি উপাৰ্জনকাৰীজনে বেংক একাউণ্টৰ পৰা কোটি কোটি টকা লেনদেন কৰা হৈছে, আৰু এই পৰিপ্ৰেক্ষিতত, দৈনিক মজুৰি উপাৰ্জনকাৰীসকলৰ আয়কৰ ১৪ কোটি টকালৈ বৃদ্ধি হৈছে।

জাননী পাছত মনোজৰ ওপৰত সৰি পৰিছে সৰগ । আয়কৰ বিষয়াসকলৰ উত্তৰত, তেওঁ দাবী কৰে যে তেওঁ নিজেই নাজানে যে তেওঁৰ একাউণ্টৰ পৰা ইমান টকা লেনদেন কৰা হৈছে ।

তেওঁ বিভিন্ন ৰাজ্যত দিন হাজিৰা কৰে । কিন্তু তেওঁ ২০২০ ৰ তলাবন্ধৰ সময়ত ঘৰলৈ উভতি আহে । তেওঁ বিহাৰৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিবলৈ আৰম্ভ কৰে । কামত যোগদান কৰোঁতে তেওঁক আধাৰ আৰু পেন কাৰ্ড বিচাৰিছিল আৰু তেওঁ দিছে ।

মনোজে অভিযোগ কৰে যে তেওঁৰ আধাৰ আৰু পিএএনৰ অপব্যৱহাৰ কৰি তেওঁৰ নামত এটা ভুৱা বেংক একাউণ্ট খোলা হৈছে।

মনোজে আয়কৰ বিষয়াসকলক কয় যে তেওঁৰ বাবে পৰিমাণটো পৰিশোধ কৰাটো সম্ভৱ নহয়। আনকি তেঁওৰ সকলো সম্পত্তি বিক্ৰী কৰিলেও, তেওঁ ইমান টকা নাপাব। মনোজৰ ঘৰলৈ অহা আয়কৰ বিষয়াসকলেও তেওঁৰ অৱস্থা দেখি হতবাক হৈছে।

স্থানীয় সূত্ৰ অনুসৰি, মনোজ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে জাননী পোৱাৰ পাছত নিজকে বন্দী কৰি ৰাখে। স্থানীয় বাসিন্দাসকলে কয় যে তেওঁ সোমবাৰে সন্ধিয়া তেওঁৰ ঘৰৰ পৰা নিৰুদ্দেশ হয়।

Exit mobile version