Onion : দীৰ্ঘদিন পিয়াজ ভালে ৰখাৰ উপায়:

WhatsApp Image 2022 12 21 at 20.22.28

Onion :

পিয়াজ নহ’লে আচলতে কোনো এখন তৰকাৰী বা আঞ্জা সোৱাদযুক্ত নহয় । পিয়াজ সাধাৰণতে সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে যদিও বহুতে আক’ পিয়াজো বহুদিনলৈ সংৰক্ষণ কৰি ৰাখে । কিন্তু ৰান্ধনি ঘৰত বেছিদিন পিয়াজ ৰাখিলে বেয়া হৈ পচিবলৈ আৰম্ভ কৰে ।

সেইয়েহে আজি আমি পঢ়ুৱৈসকলক পিয়াজ সংৰক্ষণ কৰি ৰখাৰ কে’টামান উপায় আগবঢ়াম ।
১/ পিয়াজ সদায় ঠাণ্ডা আৰু শুকান ঠাইত ৰাখিব লাগে । পোহৰ পৰি থকা আৰু বতাহ চলা-চল কৰা স্থানত পিয়াজ ৰাখিলে বহুদিনলৈ ভাল হৈ থাকে ।

২/ বজাৰৰ পৰা ক্ৰয় কৰি অনা পিয়াজ সদায় কাগজ বা মৰাপাটৰ বস্তাত ৰাখিব লাগে । পলিথিন বেগত কেতিয়াও পিয়াজ ৰাখিব নালাগে । পলিথিন বেগত পিয়াজ ৰাখিলে বেগৰ ভিতৰখন ঘাম ওলাই সহজে পিয়াজ নষ্ট কৰে ।

৩/ বহুতেই পিয়াজ ফ্ৰিজত সংৰক্ষণ কৰা দেখা যায় । কিন্তু ফ্ৰিজত পিয়াজ ৰাখিলে অন্য খাদ্য-সামগ্ৰী গোন্ধাই যোৱাৰ সম্ভাৱনা থাকে । কিছুমান ফ্ৰিজত আক’ পিয়াজ ৰখাৰ কাৰণে নিৰ্দিষ্ট ঠাই থাকে । নিৰ্দিষ্ট ঠাই নথকা ফ্ৰিজত পিয়াজ ৰাখিলে অন্য সামগ্ৰী ৰাখিব নালাগে ।

৪/ কিছুমান পিয়াজৰ ওপৰ অংশটো খোলা থাকে । য’ৰ পৰা পিয়াজ গেলিবলৈ আৰম্ভ কৰে । তেনেক্ষেত্ৰত পিয়াজৰ খোলা অংশ কাটি সংৰক্ষণ কৰিব লাগে ।save

Exit mobile version