South Indian Film : দক্ষিণ ভাৰতৰ ১১ খন ব্যয়বহুল ছবিৰ বিষয়ে জানো আহক –

South hit films in Bollywood 1200by667

South Indian Film :

বৰ্তমান দক্ষিণৰ ছবিয়ে ভাৰতীয় চিনেমা উদ্যোগত আধিপত্য বিস্তাৰ কৰিছে । কিন্তু এটা সময় আছিল, যেতিয়া দক্ষিণত খুব কম বাজেটৰ ছবি নিৰ্মাণ কৰা হৈছিল ।

বৰ্তমান দেশজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া দক্ষিণত বহু বিগ বাজেটৰ ছবি নিৰ্মাণ কৰা হৈছে । যিক্ষেত্ৰত বলীউডো পিছ পৰি ৰোৱা পৰিলক্ষিত হৈছে।

সেইয়েহে আজি আমি পঢ়ুৱৈসকলক দক্ষিণৰ ১১ খন বিগ বাজেটৰ ছবিৰ কথা উল্লেখ কৰিম ।

১/ আদি পুৰুষ : আহিবলগীয়া থ্ৰি ডি ছবি আদি পুৰুষ ৪০০ কোটি বাজেট নিৰ্ধাৰণ কৰি নিৰ্মাণ কৰা হৈছে । টি-চিৰিজ ফিল্ম তথা ৰেট্ৰোফাইলচ প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত , মহাকাব্য ৰামায়ণৰ ওপৰত আধাৰিত প্ৰভাচ , কৃতি চেনন আৰু চেইফ আলী খানৰ অভিনীত এই ছবিখনত আশ্চৰ্যজনকভাৱে ডিএফএক্স ব্যৱহাৰ কৰা হৈছে । প্ৰাপ্ত তথ্য মতে এই ছবিখনত হলীউডৰ প্ৰযুক্তিবিদ নিয়োগ কৰা হৈছে ।

২/ পন্নিয়ান শেলভান : মণি ৰত্নমৰ আহিবলগীয়া নৱতম ছবি পন্নিয়ান শেলভানৰ বাজেট হৈছে ৫০০ কোটি টকা । ছবিখন প্ৰযোজনা কৰিছে মাদ্ৰাজ টকিজ তথা লাইকা প্ৰডাকচনে । ছবিখনত ঐশ্বৰ্য ৰায় বচ্চন ,চয়ন বিক্ৰম তথা জয়ম ৰবিৰ দৰে জনপ্ৰিয় অভিনেতাই অভিনয় কৰিছে ।

৩/ দক্ষিণৰ থালাইভা ৰজনীকান্তৰ ছবি : এই ছবিখনৰ বাজেট আছিল ৪০০ কোটি টকা । উল্লেখ্য যে , এই ছবিখনত বলীউডৰ খিলাড়ী খ্যাত অভিনেতা অক্ষয় কুমাৰে খলনায়কৰ চৰিত্ৰ কৰিছিল ।

৪/ আৰআৰআৰ : পৰিচালক এচএচ ৰাজামৌলিৰ চলচ্চিত্ৰ আৰআৰআৰ ছবিৰ বাজেট আছিল প্ৰায় ৪০০ কোটি টকা যদিও ছবিখনে মাত্ৰ কে’টামান দিনতে ১০০০ কোটিৰ বেছি আয় কৰি ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল ।

৫/ ৰাধেশ্যাম : ৩৫০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা এই চায়েন্স-ফিকশ্যন ৰোমাণ্টিক ড্ৰামা ছবিখনত প্ৰভাচ , পূজা হেগড়ে , ৰাজ বিশ্বকৰ্মা , তথা ঋদ্ধি কুমাৰে অভিনয় কৰিছে । ছবিখনত ১৯৭০ চনৰ ইউৰোপৰ চেট ব্যৱহাৰ কৰা হৈছে । ছবিখন তেলেগু আৰু হিন্দী দুয়োটা ভাষাতে নিৰ্মাণ কৰা হৈছে । ইয়াৰোপৰি ছবিখন হিন্দী , তামিল , তেলেগু আৰু মালায়ালম ভাষাত মুক্তি পাব ।

৬/ চাহো : অভিনেতা প্ৰভাচ আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ দ্বাৰা অভিনীত চাহো ছবিখনত প্ৰায় ৩০০ কোটি টকা ব্যয় কৰা হৈছে । কিন্তু আশা কৰা ধৰণে ব্যৱসায় কৰিবলৈ সক্ষম নহ’ল ছবিখন ।

৭/ পুষ্পা; দা ৰাইজিং : সকলোতকৈ বিগ বাজেটৰ ছবি ৰূপে পৰিগণিত হৈছিল ‘পুষ্পা দা ৰাইজিং’ ।  ২০২১ত নিৰ্মাণ এই ছবিখনত মুঠ ব্যয় হৈছিল ২৫০ কোটি টকা । ছবিখনৰ মুখ্য ভূমিকাত আছিল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দান্না ।

৮/ বাহুবলী; দা কনক্লুচন : বাহুবলী দা কনক্লুচন ৰ বাজেট আছিল ২০০ ৰ পৰা ২৫০ কোটি টকা । কিন্তু ছবিখনে বহু হাজাৰ কোটি টকা অৰ্জন কৰি কে’বাটাও ৰেকৰ্ড তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল ।

৯/ বাহুবলী দা বিগিনিং : ২০১৫ চনত মুক্তি লাভ কৰা এই ছবিখনৰ বাজেট আছিল ১৫০ কোটি টকা । প্ৰভাচৰ সমান্তৰালকৈ আনুশকা শেঠি , তামান্না ভাটিয়া আৰু ৰানা দাগুবাতিৰ দৰে বিয়াগোম অভিনেতাই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল ।

১০ / ৰ’বট : ২০১০ চনত মুক্তি লাভ কৰা ৰজনীকান্তৰ একচন ড্ৰামা ফিল্ম ৰ’বটৰ বাজেট আছিল ১৩২ কোটি টকা । এই ছবিৰ নাম ভূমিকাত দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে অভিনয় কৰিছিল ।

১১/ কেজিএফ চেপ্টাৰ ২ : অভিনেতা যশেৰ ছবি কেজিএফ চেপ্টাৰ ২ ও দক্ষিণৰ বিগ বাজেটৰ ঘৰত সোমোৱা অন্য এখন সফল ছবি । এই ছবিখনৰ বাজেট আছিল ১২০ কোটি টকা । এই ছবিখনত বলীউৰ অভিনেতা সঞ্জয় দত্ত আৰু ৰবীনা টেণ্ডনেও অভিনয় কৰিছিল ।

Exit mobile version