City Thef : বিধান সভাৰ চৌহদত গভাইত চোৰৰ হাতোৰা!

আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ পৰা চুৰে নিলে বিলাসী বাহন

345d2569 f9b0 47f6 af63 e19e37dbc986

City Thef :

মহানগৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি ইতিমধ্যে মহানগৰ খনত ইটোৰ পাছত সিটোকৈ চুৰ– ডকাইতি ঘটনা সংঘটিত হৈ অহাৰ পিছত এইবাৰ চোৰৰ হাতোৰা পৰিল কটকটীয়া নিৰাপত্তা বেষ্টনীত থকা অসম বিধানসভা চৌহদ ৷

বিধানসভা চলি থকাৰ মাজতে চৌহদৰ পৰাই চুৰে লৈ গ’ল এখন বাহন ৷প্ৰতিদিনেই ন ন অপৰাধে অসম আৰক্ষীৰ বিফলতাক নিৰ্লজ ভাৱে উদঙাই অনাৰ পাছতে এইবাৰ সংযোজন হ’ল আৰু এক বিফলতা ৷

মঙলবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভা অধিবেশনৰ আজি তৃতীয় দিন ৷ বিধানসভা আৰু অসম সচিবালয় সহ ৰাজধানী চৌহদত আৰক্ষী – চি আৰ পি এফৰ জোৱান গিজগিজাই থকাৰ মাজতে আজি পুৱাই বিধানসভা চৌহদৰ পৰা চুৰি হয় এখন বলেৰ’বাহন ৷

আনকি বিধানসভাৰ গণেশ মন্দিৰ দিশৰ প্ৰৱেশ দ্বাৰতে আছে পূব গুৱাহাটী আৰক্ষী জিলা উপায়ুক্তৰ কাৰ্যালয়। একেদৰে কিছু নিলগতে আছে দিছপুৰ থানা ৷ এই সকলোবোৰ সুৰক্ষা ভেদি স্মাৰ্ট চোৰে স্মাৰ্ট আৰক্ষীৰ চকুৰ সন্মুখৰ পৰাই লৈ যায় বলেৰ’গাড়ী ৷

ইতিমধ্যে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিধানসভা চৌহদত ৷ আৰক্ষীয়ে চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷ আৰক্ষীৰ এই বিফলতাক লৈ উদ্থাপিত হৈছে বিভিন্ন প্ৰশ্ন ৷

বুধবাৰে মহানগৰ আৰক্ষীৰ নৱনিযুক্ত আয়ুক্ত দিগন্ত বৰাই এক সংবাদমেল অনুষ্ঠিত কৰি অপৰাধীৰ বিৰুদ্ধে কেতবোৰ কঠোৰস্থিতি লোৱাৰ হুংকাৰ দিয়াৰ সময়তে চৰকাৰৰ বৰঘৰৰ পৰাই বাহন চুৰি হোৱা ঘটনাই মহানগৰ আৰক্ষীৰ নগ্নৰূপটো পুনৰ এবাৰ উন্মোচিত হয় ৷

Exit mobile version