Manas National Park : মানাহ ৰাষ্ট্ৰীয় উদ্যানত অঘটন

শৰপহুৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা এজন লোকৰ, চিকিৎসালয়লৈ প্ৰেৰণ

WhatsApp Image 2022 12 22 at 17.46.21

Manas National Park :

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত আজি ৰাতিপুৱা এটা প্ৰকাণ্ড শৰপহুৰ শিঙৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন লোক ৷ আহত লোকজন ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ সীমাতে লাগি থকা জ্ঞাতিগাঁৱৰ বস্কো খাড়িয়া (৫৫) ৷

উল্লেখযোগ্য যে লোকজনক আক্ৰমণ কৰা শৰপহুটোৱে অৰণ্যৰ পৰিৱৰ্তে মানুহৰ সংগপ্ৰিয় হৈ পূৰ্বৰে পৰাই ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমাতে থকা বিভিন্ন লজ, মানুহৰ ঘৰে-বাৰীয়ে বিচৰণ কৰি থকা আছিল ৷ বিশেষকৈ ফ্লৰিকান কটেজত শৰপহুটোৱে দিনটোৰ বেছিভাগ সময় আশ্ৰয় লৈ থকা কৰিছিল ৷

ফ্লৰিকান কটেজৰ কাষতে থকা বস্কো খাড়িয়াই নিজ ঘৰৰ চৌহদত থকা অৱস্থাতে কিবা অজ্ঞাত পৰিস্থিতিত পহুটোৱে লোকজনক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে ৷ ঘটনাৰ পাছতে মানাহৰ বন বিভাগৰ লোকে লোকজনৰ গৃহত উপস্থিত হৈ আহত খাড়িয়াক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

স্মৰ্তব্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহতো একেটা শৰপহুৱেই আন এজন লোকক আক্ৰমণ কৰি নিহত কৰিছিল ৷ তাৰ পাছতেই পহুটোক বন বিভাগে ট্ৰেংকুলাইজ কৰি মানাহৰ গভীৰ অৰণ্যত মেলি দি আহিছিল যদিও প্ৰায় দুমাহ পাছতে অৰণ্য এৰি আকৌ মানুহৰ কাষলৈ ঘূৰি আহিছিল পহুটো ৷

ইফালে, আজি বন বিভাগে পহুটো পুনৰ ট্ৰেংকুলাইজ কৰি মানাহৰ অৰণ্যত মেলি দি অহাৰ যো-জা চলাইছিল যদিও বাতৰি লিখাৰ সময়লৈ পহুটো ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাছিল, তেতিয়ালৈ ফ্লৰিকান কটেজতে আশ্ৰয় লৈ আছিল পহুটোৱে ৷

Exit mobile version