Accident : উত্তৰ ছিকিমৰ লাচেনত সেনাৰ বাছ দুৰ্ঘটনা ! ১৬ মৃত্যু, আহত চাৰি

accident 0

Accident :

উত্তৰ ছিকিমৰ লাচেনত সেনাৰ বাছ দুৰ্ঘটনা । পথৰ পৰা বাছখন দ খাৱৈত পৰে । এই দুৰ্ঘটনাত বাছত থকা ১৬ জন জোৱানৰ মৃত্যু হৈছে । গুৰুতৰভাৱে আহত হৈছে চাৰিজন । বাছখনত ২০ জন সেনা জোৱান আছিল ।

সেনা সূত্রে জানিব পৰা গৈছে, শুকুৰবাৰে পুৱা উত্তৰ ছিকিমৰ লাচেনৰ পৰা প্রায় ১৫ কিলোমিটাৰ দূৰত জেমা নামক অঞ্চলত তিনিখন কনভয় লৈ থাংগুৰৰ দিশে আগবাঢ়িছিল সেনাৰ এই বাছখন ।

সেই সময়তে বাছখন পাহাৰৰ এঁকা-বেঁকা বাটত নিয়ন্ত্রণ হেৰুৱায় চালকে । গভীৰ খাৱৈত পৰি যায় বাছখন ।

ইতিমধ্যে উদ্ধাৰকাৰ্য আৰম্ভ হৈছে । সেনাৰ তৰফৰ পৰা ঘটনাস্থলীত উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে । গুৰুতৰভাৱে আহত চাৰিজনক হেলিকপ্টাৰেৰে স্থানীয় হাস্পাতাললৈ লৈ যোৱা হৈছে ।

নিহত সেনাসকলৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গেংটকৰ এছটিএনএম হাস্পাতাললৈ লৈ যোৱা হৈছে । যদিও মৃত সেনা জোৱানসকল কোন ৰেজিমেন্টৰ সদস্য, সেয়া এতিয়াও জানিব পৰা হোৱা নাই । মৃতসকলৰ ভিতৰত তিনিজন অফিচাৰ পদমর্যাদাৰ ।

এই ঘটনাত শোকপ্রকাশ কৰিছে কেন্দ্ৰীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে । তেওঁ এটা টুইটত লিখিছে, “উত্তৰ ছিকিমত গাড়ী দুর্ঘটনাত সেনা জোৱানৰ মৃত্যুত ম‌ই গভীৰভাৱে শোকাহত । মৃতসকলৰ পৰিয়ালক ম‌ই সমবেদনা জনাওঁ । মৃত সেনা জোৱানসকলৰ ত্যাগ আৰু প্রতিশ্রুতিৰ বাবে সমগ্ৰ দেশ তেওঁলোকৰ প্রতি চিৰকৃতজ্ঞ হৈ ৰ’ব ।”

Exit mobile version