Coronavirus : চীনৰ পূৰ্বে বিগত দুবছৰত ৯১খন দেশত সংক্ৰমিত কৰ’নাৰ নতুন উপৰূপ ! দাবী বিশেষজ্ঞৰ

AP12 21 2022 000254B 0 1671632199909 1671632199909 1671632220607 1671632220607

Coronavirus :

চীনত উদ্বেগ বৃদ্ধি কৰিছে কৰ’না ভাইৰাছৰ উপৰূপ বিএফ.৭-এ । চীনত দৈনন্দিন ১০ লাখৰো অধিক লোক এই নতুন উপৰূপত আক্রান্ত হৈছে বুলি ৰিপ’র্টত প্ৰকাশ পাইছে ।

বিশেষজ্ঞসকলৰ দাবী, ক’ভিডৰ এই নতুন উপৰূপ আগৰ পৰাই আছিল আৰু চীনত সংক্ৰমণ হোৱাৰ আগতে বিগত দুবছৰত এই ভাইৰাছ ৯১খন দেশত সংক্ৰমিত হৈছে ।

স্ক্রিপছ ৰিছার্চ ইনষ্টিটিউটৰ প্রকাশিত তথ্য অনুসৰি, বিএফ.৭-ৰ জিনৰ গঠন চৰিত্র ২০২১-ৰ ফেব্রুৱাৰীৰ পৰা ৯১খন দেশত সংক্ৰমিত হোৱা কৰ’না ভাইৰাছৰ এটা উপৰূপৰ স’তে সামঞ্জস্য আছে । কিন্তু এই ৯১খন দেশত সেই উপৰূপে বিশেষ প্রভাৱ বিস্তাৰ বা ক্ষতি কৰিব নোৱাৰিলে বুলিও তথ্যত প্ৰকাশ ।

পাছত সেই উপৰূপৰেই নাম বিএফ.৭ দিয়া হৈছে বুলি ‘ইনছাকগ’-ৰ এগৰাকী ভাৰতীয় বৈজ্ঞানিকে জনাইছে ।

‘ইনছাকগ’ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ এটা উদ্যোগ, যিয়ে ২০২০ৰ ৩০ ডিচেম্বৰত ক’ভিডৰ জিন’ম ছিকোৱেন্সিং আৰু ভাইৰাছৰ চৰিত্র অধ্যয়ন আৰু নিৰীক্ষণৰ বাবে গঠন কৰা হৈছিল ।

বিএফ.৭, কৰ’নাৰ অ’মিক্রন ৰূপৰ উপৰূপ । বিভিন্ন ভাইৰাছ বিশেষজ্ঞ আৰু মহামাৰী বিশেষজ্ঞসকলে সম্প্ৰতি এই নতুন উপৰূপক বিশেষ চিন্তাৰ বিষয় বুলি ধাৰণা কৰা নাই ।

বিগত বছৰৰ ২৬ ফেব্রুৱাৰীত চিহ্নিত হোৱাৰ পাছৰ পৰা বিশ্বব্যাপী প্রায় ৪৮ হেজাৰ কৰ’না আক্রান্তৰ নমুনাত এই উপৰূপ দেখা গৈছে বুলিও বিশেষজ্ঞসকলৰ দাবী ।

‘ইনছাকগ’-ৰ জিন’ম ছিকোৱেন্সিং-ৰ গৱেষকে সংবাদমাধ্যমক জনায়, ‘‘বিগত ২২ মাহে কে’বাখনো দেশত উপস্থিতি স্বত্ত্বেও, বিএফ.৭-এ উল্লেখযোগ্যভাৱে ক্ষতি কৰিব পৰা নাই । সেয়ে এতিয়াই ভয়ৰ কোনো কাৰণ নাই ।’’

তেনেহ’লে, বিএফ.৭-ক লৈ কিয় ইমান আতংকিত ? তাৰ কাৰণ চীনত এই উপৰূপৰ আগ্রাসী মনোভাৱ । যদিও ভাৰতীয় বৈজ্ঞানিকসকলৰ দাবী, চীনত কৰ’নাৰ টিকাক লৈ উদাসীনতা হঠাৎ সংক্রমণ বৃদ্ধিৰ অন্যতম কাৰণ ।

Exit mobile version