Illegal smuggling of wood : মুক্ৰ কাণ্ডৰ পাছতো শিক্ষা লোৱা নাই মেঘালয়ৰ বনদস্যুয়ে

অসম-মেঘালয় সীমান্তত অব্যাহত অবৈধ কুণ্ডা সৰবৰাহৰ

83ecc3e4 0609 4029 aba0 12c05fb19b43

Illegal smuggling of wood :

মুক্ৰ কাণ্ডৰ পাছতো শিক্ষা লাভ কৰা নাই মেঘালয়ৰ বনদস্যুয়ে । অসম-মেঘালয় সীমান্তত আজিও অব্যাহত আছে অবৈধ কুণ্ডা সৰবৰাহৰ কাৰ্য ।

যোৱা ২২ নৱেম্বৰত কুণ্ডা সৰবৰাহৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিবলৈ গৈ অসম-মেঘালয় সীমান্তৰ মুক্ৰত খাছী দুৰ্বৃত্ত আৰু আৰক্ষী-খেৰণি বন বিভাগৰ বনকৰ্মীৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ আৰু গুলিচালনাৰ দৰে ঘটনা, য’ত পাঁচজনকৈ খাছী লোক নিহত হোৱাৰ বিপৰীতে কাৰ্বি আংলঙৰ বিদ্যাছিং লেকথে নামৰ এজন গৃহৰক্ষী জোৱানৰ মৃত্যু হৈছিল ।

আনকি ইয়াৰ পূৰ্বেও অসম-মেঘালয় সীমান্ত অঞ্চলৰ পৰা ২৮ খনকৈ কুণ্ডা সৰবৰাহ কৰা মেঘালয়ৰ বাহন জব্দ কৰিছিল খেৰণি বন বিভাগে । কিন্তু ইমানৰ পাছতো শিক্ষা লাভ কৰা নাই মেঘালয়ৰ বনদস্যুয়ে ।

এইবাৰ সৰবৰাহৰ পথ সলনি কৰি মকৈলুম-মুক্ৰ সংযোগী পথৰ পৰিৱৰ্তে নিশা হ’লেই জেৰিকীণ্ডিং-দুৰ্বিনটিলা-ৰংচিজেং-ডিনাৰ সংযোগী পথেৰে মেঘালয় ৰাজ্যলৈ চোৰাংভাৱে কুণ্ডা সৰবৰাহ কৰিবলৈ লৈছে মেঘালয়ৰ বনদস্যুয়ে ।

ইফালে, মুক্ৰ ঘটনাৰ পাছত ভীতিগ্ৰস্ত হোৱা খেৰণি বন বিভাগেও পুনৰ অনাকাংক্ষীত ঘটনা সৃষ্টি হোৱাৰ ভয়ত এই ক্ষেত্ৰত সৰবৰাহকাৰীক বাধা আৰোপ কৰিবলৈ সাহস কৰা নাই ।

যাৰ পৰিপ্ৰেক্ষিতত বনদস্যুয়ে পশ্চিম কাৰ্বি আংলঙৰ পৰা নিৰ্বিঘ্নে ট্ৰাকে ট্ৰাকে মেঘালয়লৈ কুণ্ডা সৰবৰাহ কৰা পৰিলক্ষিত হৈছে ।

শেহতীয়াকৈ বন ধ্বংসৰ এনে কাৰ্য্য এতিয়া জিলাখনৰ সচেতন মহলত এক চিন্তাৰ বিষয় হিচাপে পৰিগণিত হৈছে ।

Exit mobile version