Almond Benefits : পুৱা খালী পেটত কেইটা আলমণ্ড খাব লাগে

WhatsApp Image 2022 12 24 at 14.14.25

Almond Benefits :

বিশেষজ্ঞৰ মতে প্ৰতিদিনে ৰাতিপুৱা নিৰ্দিষ্ট পৰিমাণৰ বাদাম খাব লাগে । অৱশ্যে অন্য বাদামতকৈ আলমণ্ড স্বাস্থ্যৰ কাৰণে বেছি উপকাৰী ।

যদিও সকলো প্ৰকাৰৰ বাদামেই স্বাস্থ্যৰ কাৰণে উপকাৰী , তথাপি আলমণ্ডৰ উচ্চমাত্ৰাত প্ৰোটিন থকাৰ লগতে একাধিক প্ৰয়োজনীয় পোষক পদাৰ্থ আছে ।

এজন পূৰ্ণবয়স্ক লোকৰ পৰা সকলো বয়সৰ লোকে একেই পৰিমাণৰ আলমণ্ড খাব নালাগে । বিশেষজ্ঞৰ মতে , কোনে কিমান পৰিমাণৰ আলমণ্ড খাব লাগে , সেইকথা ব্যক্তিজনৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে ।

ডায়েবেটিছ , উচ্চ ৰক্তচাপৰ পৰা আৰম্ভ কৰি একাধিক ৰোগ প্ৰতিৰোধ কৰাত আলমণ্ডে বিশেষ সহায় কৰে ।
ভিটামিন ই ৰে ভৰপূৰ এই বাদাম । ইয়াত আছে একাধিক খনিজ । কেলচিয়াম , মেগনেচিয়াম , কপাৰ সমৃদ্ধ আলমণ্ডত আছে প্ৰচুৰ পৰিমাণে প্ৰোটিন ।

প্ৰতিদিনে ৰাতি এবাটি পানীত তিয়াই থোৱা আলমণ্ড পুৱা শুই উঠি খালী পেটত খাব লাগে । কিন্তু কিমান পৰিমাণত খাব লাগে ,সেইকথা ব্যক্তিজনৰ শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে । সেইয়েহে ইয়াৰ পৰিমাণৰ কথা নিৰ্দিষ্টকৈ ক’ব পৰা নাযায় ।

আচলতে যিসকল লোকৰ হজমী শক্তি তুলনামূলকভাৱে কম , তেওঁলোকে কম পৰিমাণত খোৱা উচিত লগতে যিসকল লোকৰ খোৱাৰ অভ্যাস নাই তেওঁলোকে আৰম্ভণি দিনাই সৰহকৈ খাব নালাগে ।

বিশেষজ্ঞৰ মতে , এজন পূৰ্ণবয়স্ক লোকে দৈনিক খালী পেটত অন্তত দুটাকৈ আলমণ্ড খাব লাগে । পিছত লাহে লাহে ইয়াৰ পৰিমাণ বঢ়াব লাগে ।

আকৌ যিসকলৰ হজমী শক্তি বেছি তেওঁলোকে অৱশ্যে দৈনিক নটাকৈ খাব লাগে ।
বি : দ্ৰ : প্ৰতিবেদনত উল্লেখিত প্ৰতিটো কথা পৰামৰ্শস্বৰূপ । প্ৰয়োজনীয় চিকিৎসাপদ্ধতি , ডায়েট ফল’ কৰিলে অৱশ্যেই বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ।

Exit mobile version