Assam State Zoo:অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ৮০ টা জন্তু বিভিন্ন ৰাজ্যলৈ স্থানান্তৰ :বনমন্ত্ৰী

WhatsApp Image 2022 12 24 at 12.19.15

Assam State Zoo:

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ৮০ টা জন্তু বিভিন্ন ৰাজ্যলৈ স্থানান্তৰ কৰা হৈছে ৷ চলিত শীতকালীন অধিৱেশনত ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত এই কথা সদৰি কৰে ৷

মন্ত্ৰী গৰাকীয়ে কয়, ২০০৬ চনৰ পৰা অসমৰ পৰা প্ৰায় ৯৭ টা জাম্বোসহ প্ৰায় ১৮০ টা জন্তু আন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল।

যদিও হাতীবোৰ বেছিভাগ ‘ধৰ্মীয় কাৰ্যকলাপৰ’ বাবে আন ৰাজ্যক লীজত দিয়া হৈছিল বহুতো পেচিডাৰ্ম এই ৰাজ্য বা মন্দিৰবোৰত তেওঁলোকৰ লীজৰ ম্যাদৰ বাবে অতিৰিক্ত সময় লৈছে।

অসম আৰু তামিলনাডু চৰকাৰে এই বছৰ জয়মালা নামৰ এজনী হাতীক লৈ দুয়ো ৰাজ্য চৰকাৰৰ মাজত আলোচনা হৈছিল যদিও পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে গুৱাহাটীউচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷

বন মন্ত্ৰীৰ মতে হাতীবোৰ ২-৩ বছৰৰ বাবে প্ৰেৰণ কৰা হৈছিল বেছিভাগেই এতিয়াও ঘূৰি অহা নাই। তথ্যই দেখুৱাইছে যে হাতীবোৰ বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাকাটা, পশ্চিম বংগ, হাৰিয়ানা, উৰিষ্যা আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল।

“অসম চৰকাৰে বিষয়টোক লৈ আন ৰাজ্যসমূহৰ সৈতে যোগাযোগ কৰি আছে। হাতীবোৰ ঘূৰাই দিবলৈ সময়ে সময়ে সংশ্লিষ্ট ৰাজ্যসমূহলৈ চৰকাৰী যোগাযোগ আৰু পত্ৰ লিখা হয় বুলিও সদনত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে, ২০১২ চনৰ পৰা ২০২২ চনৰ ভিতৰত পশু বিনিময় কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা কমেও ৮০ টা জন্তু বিভিন্ন ৰাজ্যলৈ স্থানান্তৰ কৰা হৈছে বুলি পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

ৰাজ্যখনে একে সময়তে বিভিন্ন চিৰিয়াখানাৰ পৰা ৮৩ টা জন্তু অনা হৈছিল। তেওঁ লগতে জনায় যে ২০২২ চনৰ ৩১ মাৰ্চলৈকে ৰাজ্যিক চিৰিয়াখানাত ১,১৯৬ টা জন্তু আছে ৷য’ত ৫৫১ টা স্তন্যপায়ী প্ৰাণী, ৩৮১ টা চৰাই আৰু ২৬৪ টা সৰীসৃপ আছে। অসম ৰাজ্যিক চিৰিয়াখানাত কমেও ৫৩২ টা প্ৰজাতি বিপদাপন্ন প্ৰজাতি

Exit mobile version