Christmas : বৰদিনলৈ মাজত মাত্ৰ এটা দিন বাকী ,ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে পৱিত্ৰ বৰদিনৰ প্ৰস্তুতি

8f42ddd8 ae57 465e 8870 781d5951c29d

Christmas  :

বৰদিন হৈছে উৎসৱ আৰু আনন্দৰ অনুষ্ঠান। ইয়াক অতি উল্লাস আৰ আনন্দৰে উদযাপন কৰা হয় । বৰদিনৰ দিনা এজোপা বিশেষ গছ লগাই তাৰ ডালত বিভিন্ন ধৰনৰ বস্তু লগাই আলোকসজ্জা কৰা হয়।

যিহেতু বৰদিনলৈ মাজত মাত্ৰ এটা দিন বাকী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া পৱিত্ৰ বৰদিনৰ প্ৰস্তুতি চলিছে । বৰদিনৰ বিভিন্ন সামগ্ৰীৰে এতিয়া ভৰি পৰিছে বজাৰ ।

বজাৰত দেখিবলৈ পোৱা যায় বিভিন্ন আলোকসজ্জা। এই সমূহৰ ওপৰিও এই সময়ছোৱাত বজাৰত দেখিবলৈ পোৱা যায় বিভিন্ন ধৰনৰ ফুল । এই সময়ছোৱাত ফুলৰ দুকানসমূহৰো ভাল চাহিদা হয় ।

এই পৰিপ্ৰেক্ষিতত আমাৰ ‘ দৈনিক অগ্ৰদূত’ য়ে এজন ফুল বিক্ৰেতাক এইবাৰ বৰদিন উপলক্ষ্য কেনেকুৱা বিক্ৰী হৈছে তাৰ সন্দৰ্ভত সোধাত তেওঁ কয়,” যিহেতু এতিয়া উৎসৱৰ বতৰ সেয়ে বিক্ৰী সমূহ পূৰ্বতকৈ অলপ উন্নত ।

বৰদিন বুলি বিশেষ একো বিক্ৰী হোৱা নাই যদিও দৈনিক যিদৰে বিক্ৰী হৈ আছে তেনেদৰেই চলি আছে। “বৰদিন বুলি নহয় এতিয়া যিহেতু বিয়াৰ বতৰ সেইয়ে ফুলসমূহৰ বিক্ৰী বেয়া বুলি ক’ব নোৱাৰি ।”

উল্লেখ্য যে, ঠিক একেই প্ৰশ্ন অন্য এজন ফুল বিক্ৰেতাক সোধাত তেওঁ কয় ,” বৰ্তমান ফুলৰ বিক্ৰী আশা কৰাৰ দৰে ভাল নহ’লেও ভাল বেয়াৰ মাজতে । খুব ভাল বুলিও ক’ব নোৱাৰি আৰু খুব বেয়া বুলিও ক’ব নোৱাৰি । “

Exit mobile version