Drop In Drug Prices: হ্ৰাস পালে ১১৯বিধ ঔষধৰ দাম !

জনতালৈ সাময়িক সকাহ

WhatsApp Image 2022 12 24 at 13.23.06

Drop In Drug Prices:

কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল ফাৰ্মাচিউটিকেল প্রাইচিং অথৰিটি চমুকৈ এন পি পি এ ১১৯বিধ ঔষধৰ দাম হ্ৰাস কৰিছে । হ্ৰাস কৰা দৰৱৰ ভিতৰত কৰ’নাৰ চিকিৎসাত ব্যৱহাৰ হোৱা পেৰাচিটামল আৰু এমক্সিচিলিনো ।

এই বৰ্ষটোত এন পি পি এ পঞ্চমবাৰৰ বাবে ঔষধৰ দাম হ্ৰাস কৰি ৰাইজক কিছু হ’লেই সাময়িক সকাহ দিছে বুলি মন্তব্য কৰে বিভিন্ন মহলে ৷

এই দাম হ্ৰাস পোৱাৰ লগে লগে কেন্সাৰ,হেপাটাইটিছ, বহুমূত্র আৰু জ্বৰজনিত গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহ্ৰত দৰৱৰ দামো হ্ৰাস পাই প্রায় ৪০ শতাংশলৈ।

উল্লেখ্য যে আটাইতকৈ বেছি দাম কমিছে কেন্সাৰ ৰোগৰ দৰৱ ৷ আনহাতে আন কেতবোৰ বেমাৰৰ দৰৱৰো দাম শীৰ্ঘেই কমাৰ সম্ভাৱনা আছে ৷

মনকৰিবলগীয়া যে এন পি পি এৰ জৰুৰী বৈঠক খনত ১১৯বিধ ঔষধৰ প্ৰতিটো টেবলেট – কেপছুলৰ নতুন দাম নিৰ্ধাৰণ কৰা হয় ।

বৈঠকে ইউৰিক এচিড হ্ৰাস কৰা দৰৱ আৰু মেলেৰিয়া বেমাৰ লগতে আন কেইবাটাও ৰোগত ব্যৱহৰ কৰা এণ্টিবায়’টিকৰো দাম তুলনামূলকভাৱে যথেষ্ট হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Exit mobile version