Icici Ex Ceo Chanda kochar Arrested :আই চি আই চি আইৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোচ্চাৰ আৰু স্বামী দীপকক গ্ৰেপ্তাৰ চি বি আইৰ

WhatsApp Image 2022 12 24 at 11.12.20

Icici Ex Ceo Chanda kochar Arrested :

আইচিআইচিআই বেংকৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোচ্চাৰ আৰু তেওঁৰ স্বামী দীপক কোচ্চাৰক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে।

ভিডিঅ’কন-আইচিআইচিআই বেংকৰ বিয়াগোম জালিয়াতিৰ গোচৰৰ অভিযোগ আটক কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থাটোৱে ।

উল্লেখ্য যে আইচিআইচিআই বেংকে ভিডিঅ’কন গ্ৰুপক প্ৰায় ৩,২৫০ কোটি টকাৰ ঋণ দিছিল ৷ এই ঋণ প্ৰদানত সংঘটিত হৈছিল ব্যাপক অনিয়ম আৰু জালিয়াতি ৷

এই বিয়াগোম অনিয়ম সংঘটিত হোৱাৰ সময়ত বেংকটোৰ মুখ্য কাৰ্যবাহী সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল চান্দা কোচ্চৰ ৷ পাছত অনিয়ম পোহৰলৈ অহাত এক গোচৰত ২০১৯ ৰ ফেব্ৰুৱাৰীত ইডিয়ে ৰজু কৰে অপৰাধমূলক গোচৰ ।

এই গোচৰৰ অধীনতে বেংকটোৰ প্ৰাক্তন চি ই অ’গৰাকীৰ বিৰুদ্ধে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হয় চিবিআই ৷

ই ডিয়ে ইতিমধ্যে অপৰাধমূলক ষড়যন্ত্ৰ আৰু দুৰ্নীতি প্ৰতিৰোধ আইন সম্পৰ্কীয় আইপিচিৰ ধাৰাত পঞ্জীয়ন হোৱা এক এজাহাৰত চিবিআইয়ে চুপ্ৰিম এনাৰ্জী, ভিডিঅ’কন ইণ্টাৰনেশ্যনেল ইলেক্ট্ৰনিকছ লিমিটেড ন্যুপাৱাৰ ৰিনিউৱেবলছ আৰু ভিডিঅ’কন ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ লগতে অভিযুক্ত চন্দা কোচ্চাৰ, তেওঁৰ স্বামী আৰু ভিডিঅ’কন গ্ৰুপৰ ভেনুগোপাল ধূতক অভিযুক্ত হিচাপে গোচৰ পঞ্জীয়ন কৰিছে ৷

Exit mobile version