Manipur :মণিপুৰত বিশ্বৰ আটাইতকৈ ওখ পিয়েৰ ৰে’লৱে দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত

জিৰিবাম– ইম্ফলৰ মাজত ৰেল প্ৰকল্প

WhatsApp Image 2022 12 24 at 12.45.11

Manipur :

পাহাৰীয়া ৰাজ্য মণিপুৰৰ বিশ্বৰ আটাইতকৈ ওখ পিয়েৰ জিৰিবাম– ইম্ফল ৰে’ল প্ৰকল্পৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৯১.৭৮ শতাংশ ।

পাৰ্বত্য ৰাজ্যখনৰ ৰাজধানী চহৰ ইম্ফলক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰাৰ বাবে এই নতুন ৰে’ল লাইন প্ৰকল্পৰ কাম-কাজ, অন্যান্য সংযোগ পূৰ্ণ গতিত অব্যাহত আছে।

জিৰিবাম– ইম্ফল নতুন লাইন ৰে’ল প্ৰকল্প হৈছে উত্তৰ-পূবাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্প ৷ যি সম্পূৰ্ণ হোৱাৰ এক উন্নত পৰ্যায়ত আছে।
জিৰিবাম- ইম্ফল ৰে’ল প্ৰকল্প নিৰ্মাণত অতি দুৰ্গম আৰু কঠিন অঞ্চলত একাধিক সুৰংগ আৰু দলং অন্তৰ্ভুক্ত থাকে আৰু যিবোৰ ১১০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যত বিস্তৃত। ৫২ টা সুৰংগৰ ভিতৰত ৪৮ টাৰ বাবে কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।

প্ৰকল্পটোত মুঠ ১১ খন মুখ্য দলং ৷ ৭ খন দলঙৰ উপ গাঁথনি আৰু ৫ খন দলঙৰ এটা চুপাৰষ্ট্ৰাকচাৰ সম্পূৰ্ণ হৈছে। ১২৯ খন সৰু দলঙৰ ভিতৰত ১১০ খন দলঙৰ কামো ইতিমধ্যে সম্পূৰ্ণ হৈছে।

এই প্ৰকল্পটোত ১৪১ মিটাৰ উচ্চতাৰ পৃথিৱীৰ আটাইতকৈ ওখ ৰে’লৱে দলংখনো নিৰ্মাণ কৰা হৈছে ৷ ই শীৰ্ঘেই সম্পন্ন হোৱা পথত ৷ প্ৰকল্পটোৰ পথটোৱে ১১ টা ৰেল ষ্টেচন সামৰি ল’ব তাৰে ছয়টা সম্পূৰ্ণ হৈছে।

সম্পূৰ্ণ প্ৰকল্পটোৰীত ব্যয় হৈছে প্ৰায় ১৪,৩২২ কোটি টকা। জিৰিবামৰ পৰা খোংচাংলৈকে শাখাটো ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু গোটেই প্ৰকল্পটো ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

প্ৰকল্পটো হৈ উঠাৰ পিছত ইম্ফল পাবলৈ বৰ্তমানৰ পথ যাত্ৰাৰ সময় ৰে’লৱেৰ দ্বাৰা ২.৫ ঘণ্টালৈ হ্ৰাস হ’ব।

Exit mobile version