National Record In Walking:খোজ কঢ়াত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে

গুৱাহাটী বিমানবন্দৰৰ কৰ্মচাৰী ৰাতুল কুমাৰ যখৰীয়াই

WhatsApp Image 2022 12 24 at 14.30.48

National Record In Walking:

গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিযুক্ত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কৰ্মচাৰী ৰাতুল কুমাৰ যখৰীয়াই অতি কম সময়ৰ ভিতৰতে ১০০ কিলোমিটাৰ খোজ কাঢ়ি এক নতুন ভাৰতীয় অভিলেখ গঢ়িছে ।

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত তেওঁৰ কৃতিত্ব ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে ।

যখৰীয়াই যোৱা ৭ নৱেম্বৰৰ কাহিলিপুৱা ৪ বজাত বজাত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা আৰক্ষী থানাৰ পৰা খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল আৰু একেদিনাই নিশা ৮:৩০ বজাত বকোৰ পৰা একেঠাইলৈ উভতি আহিছিল। বকো গুৱাহাটীৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ পশ্চিমে।

৫৫ বছৰীয়া যখৰীয়াই মুঠ ১৬ ঘণ্টা ৩৫ মিনিটত ১০০ কিলোমিটাৰ অতিক্ৰম কৰিছিল।

ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ যখৰীয়াক হস্তান্তৰ কৰা অনুষ্টুপীয়া অনুষ্ঠানত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ মুখ্য সঞ্চালন বিষয়া স্নেহাসিছ দত্তই কয়, “তেওঁ হৈছে সকলোৱে অনুসৰণ কৰা ফিটনেছৰ এক উদাহৰণ।”

উল্লেখ্য যে ৰেকৰ্ড ধাৰী যখৰীয়া আজাৰা স্পৰ্টছ ক্লাবৰ এজন সদস্য ৷ যি এক সুস্থ আৰু স্বাস্থ্যৱান জীৱনক উৎসাহিত কৰে।

Exit mobile version