JAIMALA ELEPHANT: অসমৰ জয়মালা নামৰ হাতীটোক তামিলনাডুৰ মন্দিৰত মাউতে অমানুষিক অত্যাচাৰ চলোৱাৰ ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ৰাজ্য চৌদিশে জয়মালাক উভতাই অনাৰ দাবী উদ্থাপিত হয়। ৰাইজৰ বিপুল আহ্বানৰ প্ৰতি সহাৰী জনাই অসম চৰকাৰে আন্তৰ্জাতিক খ্যতিসম্পন্ন হাতী চিকিৎসক পদ্মশ্ৰী ডা: কুশল কোঁৱৰ শৰ্মাকে ধৰি বিশেষজ্ঞৰ এটা টিম তামিলনাডুলৈ প্ৰেৰণ কৰে ৷

চেন্নাইত উপস্থিত হৈ জয়মালাক উভতাই অনাৰ প্ৰচেষ্টা চলাই ৷ কিন্ত জয়মালাক দেখা নোপোৱাকৈয়ে বন বিভাগৰ টিমটো উভতি আহি শেহতীয়াকৈ জয়মালাক পাবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰে এক ৰীট ৷ তামিলনাডু চৰকাৰৰ অসহযোগীতাৰ বাবে জয়মালাক সাক্ষাৎ নাপালে বুলি অভিযোগ কৰিছিল টিমটোৱে৷ এনে ঘটনাক্ৰমৰ মাজতে আজি কেন্দ্ৰীয় বন,পৰিবেশ আৰু জলবায়ু মন্ত্ৰণালয়ে এক টুইটাৰযোগে ঘোষণা কৰে যে জয়মালা সম্প্ৰতি স্বাস্থ্যৱান আৰু শক্তিৱান হৈ আছে ৷ একপ্ৰকাৰ দুই ৰাজ্যৰ সংঘাতত তলা মাৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ এনেক্ষেত্ৰত তামিলনাডুৰ বিষ্ণু মন্দিৰত থকা জয়মালাক ঘূৰাই আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰে দাখিল কৰা আবেদনৰ ওপৰত ন্যায়ালয়ে কি নিৰ্দেশনা দিয়ে সেইয়া হ’ব লক্ষণীয় ৷






























