Cinema : বিশ্বৰ সৰ্বকালৰ ১০০ চিনেমাৰ তালিকাত স্থান লাভ বাংলা ছবি ‘‘পথেৰ পাঁচালী’‘

cfa02ccd 6b71 4839 9afa be52205df1fa

Cinema :

অতীতৰ পৰাই বিশ্ব চিনেমা জগতত বাংলা ছবিয়ে এক উল্লেখনীয় স্থান লাভ কৰি আহিছিল । বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ১০০ চিনেমাৰ তালিকাতো ভাৰতৰ একমাত্ৰ এখন ছবি প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক , নিৰ্মাতা সত্যজিৎ ৰায়ৰ ‘’পথেৰ পাঁচালী ‘’ য়ে স্থান লাভ কৰিছে ।

যিটো খবৰে এতিয়া সমগ্ৰ বাংলাৰ লগতে ভাৰতবাসীক গৌৰাৱাম্বিত কৰি তুলিছে । বিশ্ববৰেণ্য চিত্ৰপৰিচালক ৰায়ৰ ‘ পথেৰ পাঁচালী’ হৈছে এখন নৱ্য বাস্তৱিক ছবি । ৫০ দশকতে নিৰ্মাণ কৰা এই ছবিখনে বৰ্তমানেও প্ৰাসংগিক হৈ থকাৰ লগতে সকলো চিৰিয়াছ চিত্ৰমোদীৰ মন জয় কৰি আহিছে ।

১১৭ বছৰ পুৰণা মাৰ্কিন চিনেমা প্ৰত্ৰিকা ‘ভেৰাইটি ‘ হৈছে বিশ্ব চিনেমাৰ নক্ষত্ৰস্বৰূপ । এই প্ৰত্ৰিকাত কোনো চিনেমাৰ কথা আলোচনা কৰা মানে ছবিখনে এক বিশেষ মৰ্যদা পোৱাৰ দৰে হয় ।

এই পত্ৰিকাতে প্ৰকাশ পাইছে এই তালিকা । য’ত বিশ্বৰ সৰ্বকালৰ উল্লেখযোগ্য ১০০ চিনেমাৰ নাম সন্নিবিষ্ট কৰিছে আৰু সেই তালিকাত ৰায়ৰ যুগজয়ী ছবি ‘পথেৰ পাঁচালী ‘ য়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে , এই তালিকাত ‘পথেৰ পাঁচালী’ য়ে ৫৫ নম্বৰ স্থানত ঠাই পাইছে । নিসন্দেহে এই খবৰে এতিয়া ভাৰতীয় চিনেমা জগতলৈ এক সু-খবৰ কঢ়িয়াই আনিছে । যিটো হ’ব ছবি নিৰ্মাতা তথা পৰিচালকৰ বাবে এটা বৃহৎ অনুপ্ৰেৰণা ।

আনহাতে এই তালিকাৰ শীৰ্ষত আছে এলফ্ৰেড হিচককৰ চিনেমা ‘’চাইকো।‘’ ইয়াৰপাছতে আছে ‘দা উইজাৰ্ড অৱ ওজ’’ ,’ দা গডফাডাৰ ‘, ‘চিটিজেন কেন’, ‘পাল্প ফিকচন।‘ উল্লেখ্য যে , এই শীৰ্ষস্থানীয় তালিকাত চাৰ্লি চেপলিনৰ ‘ চিটি লাইটছ’ য়েও স্থান লাভ কৰিছে ।

ইয়াৰোপৰি ষ্টিভেন স্পিলবাৰ্গৰ ‘ ইটি’ য়েও এই তালিকাত স্থান লাভ কৰিছে । সমান্তৰালকৈ ‘কেচাৰাঙ্কা’, ‘এলিয়েন’,’গন উইথ দা উইণ্ড’, ‘চাইলেন্স অৱ দা লাম্বচ’, ‘ লৰেন্স অৱ অৰাৰিয়া’, ১৯৩৩ চনৰ ‘কিং কং ‘, ‘চেভেন চামুৰাই’, জেমছ বণ্ডৰ চিনেমা ‘,’ গোল্ডফিঙ্গাৰ ‘ আদি ।

Exit mobile version