Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

Opinion : আভ্যন্তৰীণ সংঘাতৰ বিড়ম্বনা

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
December 19, 2022
in Opinion
Reading Time: 1 min read
0
Opinion : আভ্যন্তৰীণ সংঘাতৰ বিড়ম্বনা
1
SHARES
10
VIEWS
ShareShareShareShare

Opinion :

ADVERTISEMENT

গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচন সম্পন্ন হোৱাৰ মাজেদি ২০২২ বৰ্ষ‌ই বিদায় ল’বলৈ ওলাইছে । ইয়াৰ লগে লগে ২০২৩ৰ ৰাজনৈতিক পৰিস্থিতিক লৈ হিচাপ-নিকাচ আৰম্ভ হৈছে; কিয়নো ২০২৪ৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ২০২৩ত ১০খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ।

RelatedPosts

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

আসন্ন বছৰটোৰ নিৰ্বাচনী ফলাফলেই ২০২৪ৰ স্পষ্ট আভাস দিব বুলি ধাৰণা কৰা হৈছে । সেয়েহে আসন্ন যুঁজক লৈ ৰাজনৈতিক দলসমূহৰ মাজতো তৎপৰতা তুংগত উঠিছে ।

২০২৩ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত  হ’বলগীয়া ৰাজ্যকেইখন হৈছে ক্ৰমে ৰাজস্থান, চত্তিছগড়, মধ্যপ্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানাৰ উপৰি উত্তৰ-পূবৰ চাৰিখনকৈ ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মেঘালয়, নগালেণ্ড আৰু মিজোৰাম । আগন্তুক বছৰটোতে জম্মু-কাশ্মীৰতো নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

ৰাজ্যখনৰ পৰা ৩৭০ ধাৰাৰ লগতে বিশেষ মৰ্যাদা কৰ্তনৰ পাছৰে পৰা জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ।

স্বাভাৱিকতে প্ৰতিটো দলেই সৰ্বাধিক সংখ্যক ৰাজ্য কুক্ষিগত কৰিবলৈ চেষ্টা চলাব । বিজেপিয়ে সম্প্ৰতি নিজৰ হাতত থকা মধ্য প্ৰদেশ, কৰ্ণাটক আৰু ত্ৰিপুৰাত পুনৰ বিজয় সাব্যস্ত কৰাৰ লগতে কংগ্ৰেছৰ পৰা চত্তিছগড়, ৰাজস্থানৰ লগতে ভাৰত ৰাষ্ট্ৰ সমিতিৰ পৰা তেলেংগানা কাঢ়ি ল’বলৈ সবৰ্শক্তি প্ৰয়োগৰ প্ৰস্তুতি চলাইছে ।

ইয়াৰ বিপৰীতে নগালেণ্ড, মেঘালয় আৰু মিজোৰামত ঘাইকৈ আঞ্চলিক দলৰ মাজতে যুঁজ সীমাবদ্ধ থাকিব । অৱশ্যে উত্তৰ পূবৰ এই ৰাজ্যকেইখনত কংগ্ৰেছৰ কিছু প্ৰভাৱ অৱশিষ্ট থাকিলেও প্ৰত্যক্ষভাৱে বিজেপিৰ বিশেষ ভূমিকা দৃষ্টিগোচৰ নহয় । ইয়াৰ বিপৰীতে কংগ্ৰেছে নিজৰ দখলত থকা  ৰাজস্থান-চত্তিছগড়ত স্থিতি অক্ষুণ্ণ ৰখাৰ লগতে অস্তিত্ব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’বলগীয়া হোৱাটো নিশ্চিত ।

গুজৰাটৰ অভূতপূৰ্ব জয়ে হিমাচল প্ৰদেশ আৰু দিল্লী পৌৰ নিৰ্বাচনত বিজেপিৰ ব্যৰ্থতাক ঢাকিবলৈ সক্ষম হ’লেও আগন্তুক সময়ছোৱাত শাসক দলটোৰ সমুখত সৃষ্টি হ’ব পৰা প্ৰত্যাহ্বানসমূহৰ বিষয়েও চৰ্চা নোহোৱাকৈ থকা নাই । নিৰ্বাচনী দৃষ্টিভংগীৰে গুৰুত্বপূৰ্ণ কে’বাখনো ৰাজ্যত দলত বৰ্ধিত অসন্তোষ আৰু অন্তৰ্কন্দলে বিজেপিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।

গুজৰাটত অভিলেখ সৃষ্টিকাৰী বিজয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্যখনত তেওঁৰ যাদুকৰী নেতৃত্ব আকৌ এবাৰ প্ৰমাণ কৰিলেও হিমাচল আৰু দিল্লীল পৰাজয়ে প্ৰতিষ্ঠানবিৰোধী ঢৌ, মুদ্ৰাস্ফীতিৰ ফলস্বৰূপে হোৱা অভাৱনীয় মূল্যবৃদ্ধি, অপাৰদৰ্শিতা তথা বিভিন্ন স্থানীয় বিষয়ক ওফৰাই প্ৰতিটো নিৰ্বাচনতে যে জয় আনি দিবলৈ সক্ষম নহয়, তাকো স্পষ্ট কৰিলে ।

হিমাচল প্ৰদেশত দলীয় অন্তৰ্কন্দলে সৃষ্টি কৰা ক্ষতিয়ে অৱশেষত বিজেপিক শোচনীয় পৰাজয়ৰ সন্মুখীন কৰালে । সেই কথা ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰ্যালোচনতো স্বীকাৰ কৰি লোৱা হৈছে ।

তদুপৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখপত্ৰ ‘অৰ্গেনাইজাৰ’ত প্ৰকাশিত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনাতো হিমাচলৰ পৰাজয়ক অন্তৰ্কন্দলৰ পৰিণতি বুলিয়ে চিহ্নিত কৰা হৈছে; অথচ প্ৰধানমন্ত্ৰী মোদীয়ে নিজাববীয়াকৈ কে’বাজনো বিসম্বাদী প্ৰাৰ্থীক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বিৰত থাকিবলৈ সৈমান কৰাবলৈ চেষ্টা কৰিছিল ।

কমেও ২০জন বিসম্বাদীয়ে দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ বিজেপিৰ পৰাজয় নিশ্চিত কৰিছিল । এই বিসম্বাদীসকলৰ কে’বাজনেও নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বিৰুদ্ধে ৰাজহুৱাভাৱে কেতবোৰ অভিযোগ উত্থাপন কৰিছিল । গৃহৰাজ্য হোৱা হেতুকে নড্ডাই হিমাচলৰ দলীয় প্ৰাৰ্থী বাছনিৰ সম্পূৰ্ণ কতৃৰ্ত্ব লাভ কৰিছিল আৰু তাৰেই সুযোগ লৈ দলত নিজৰ বিৰোধীসকলক এশিকনি দিবলৈ গৈ অৱশেষত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

কেৱল নড্ডাই নহয়, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ ধুমাল আৰু তেওঁৰ পুত্ৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ গৃহ জিলা হামিৰপুৰৰ পৰা এজনো বিজেপি প্ৰাৰ্থী জয়ী হ’বলৈ সক্ষম নহ’ল । অৱশ্যে নিৰ্বাচনী ফলাফল প্ৰকাশৰ পাছতে সভাপতি নড্ডাৰ বিৰুদ্ধে স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে গভীৰ অসন্তোষ প্ৰকাশ কৰা বুলি প্ৰকাশ পাইছে ।

লগতে আগন্তুক সময়ছোৱাত প্ৰত্যক্ষ দলীয় প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াৰ পৰা তেওঁক আঁতৰাই ৰখাৰ ইংগিত দিয়া হৈছে । ইতিমধ্যে তিনি বছৰীয়া কাৰ্যকাল পাৰ কৰা নড্ডাক সভাপতি পদৰ পৰা বিদায় দিয়াৰ সম্ভাৱনাও আছে বুলি দলীয় মহলতে ব্যাপক চৰ্চা চলিছে । একেদৰে কেন্দ্ৰীয় মন্ত্ৰী ঠাকুৰকো কেন্দ্ৰীয় নেতৃত্বই সকীয়াই দিছে ।

প্ৰণিধানযোগ্য যে হিমাচল প্ৰদেশ এখন হিন্দুপ্ৰধান ৰাজ্য য’ত সংখ্যালঘু মাত্ৰ তিনি শতাংশ । তদুপৰি ৰাজ্যখনৰ পৰা বৃহৎ সংখ্যক যুৱক সেনাবাহিনীত ভৰ্তি হোৱাৰ পৰম্পৰা আছে যদিও তাত বিজেপিয়ে স্থানীয় ইছ্যুৰ সন্মুখত পযুৰ্দস্ত হ’বলগীয়া হ’ল ।

স্বয়ং প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থী যিয়েই নহওক, মোদীক ভোট দিয়ক বুলি আহ্বান জনাইছিল যদিও হিমাচলত ২০১৭ৰ ৪৯ শতাংশৰ পৰা এইবাৰৰ নিৰ্বাচনত ভোটৰ হাৰ ৪৩ শতাংশলৈ হ্ৰাস পোৱাৰ বিষয়টোও এৰাই চলিব নোৱাৰি ।

ইয়াৰ সমান্তৰালভাৱে ৰাজস্থানতো দলীয় অন্তৰ্কন্দল গভীৰভাৱে শিপাইছে । ৰাজ্যখনত শাসকীয় কংগ্ৰেছৰ অশোক গেহলট আৰু শচীন পাইলটৰ মাজত দ্বন্দ্ব হ’লেও বিজেপিৰ দ্বন্দ্বও কোনো গুণে কম নহয় । কিয়নো ৰাজস্থানত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰীৰূপে আত্মপ্ৰকাশ ঘটিছে কমেও আধা ডজন শক্তিশালী নেতাৰ ।

প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজৰে সমান্তৰালভাৱে প্ৰদেশ বিজেপিৰ সভাপতি সতীশ পুনিয়াৰ লগতে কমেও দুজন কেন্দ্ৰীয় মন্ত্ৰীয়ে শক্তিশালী লবীৰ সৃষ্টি কৰিছে ।  দলত এনে বিভাজনে কেন্দ্ৰীয় নেতৃত্বৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে ।

কংগ্ৰেছত মুকলি সংঘাতৰ সুযোগ লৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ জৰিয়তে ৰাজ্যৰ শাসনভাৰ হস্তগত কৰাৰ কৌশল ৰচনাৰ সময়তে বিজেপিৰ শীৰ্ষস্থানীয় নেতাসকলৰ মাজৰ সংঘাতে পৰিস্থিতি জটিল কৰি তুলিছে ।

কংগ্ৰেছৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ তুলি ডিচেম্বৰৰ প্ৰথম সপ্তাহত ‘জন আক্ৰোশ যাত্ৰা’ৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজে  আৰু প্ৰদেশ বিজেপি সভাপতি পুনিয়াৰ মাজত গুৰুতৰ ৰূপ লোৱা সংঘাত দূৰ কৰিবলৈ আনকি স্বয়ং নড্ডা ৰাজ্যখনত উপস্থিত হ’বলগীয়া হয় ।

এই যাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া বাহনসমূহত ৰাজেৰ ফটো আঁৰিবলৈ নড্ডাই হেঁচা দিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয় । সন্দেহ নাই যে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে শীৰ্ষ নেতাসকলৰ মাজৰ সংঘাত অধিক গভীৰ হ’ব ।

লক্ষ্যণীয় যে প্ৰধানমন্ত্ৰী মোদীৰ আপ্ৰাণ চেষ্টা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ কৌশলৰ দ্বাৰা বিপুল জয় সাব্যস্ত কৰিলেও গুজৰাটতো দলত অসন্তোষৰ মাত্ৰা তেনেই কম বুলি ক’ব নোৱাৰি ৰাজ্যখনত প্ৰায় ৪০ জন মন্ত্ৰী-বিধায়কক এইবাৰৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হয় ।

এইসকলৰ ভিতৰত দলৰ বহু পুৰণি তথা প্ৰভাৱশালী নেতা যেনে– প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানি, উপ-মুখ্যমন্ত্ৰী নীতিন পেটেলো আছে । যদিও তেওঁলোক দুয়োৰে বয়স ৬৬ বছৰহে হৈছে, যি বিজেপিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ অলিখিত সময়সীমা ৭৫ বছৰতকৈ যথেষ্ট কম, তথাপি এইসকলক নিৰ্বাচনৰ পৰা আঁতৰাই ৰাখি দলৰ পুৰণি ধ্বজাবাহীসকলক উৎখাতৰ ইংগিত দিয়া হয় ।

তাৰ পৰিৱৰ্তে মোদী-শ্বাহৰ নেতৃত্বক চিৰস্থায়ী কৰাৰ লগতে বিজেপিৰ প্ৰতি সম্পূৰ্ণ আনুগত্যশীল নতুন আৰু যুৱ চেহেৰাক সুযোগ দি তাৰ সুফলো লাভ কৰিলে । এইখিনিতে একাংশই আঙুলিয়াই দিয়ে যে আৰএছএছ অথবা জনসংঘৰ প্ৰতি আনুগত্যশীলসকল ক্ৰমশঃ বিজেপিত এলাগী হৈ পৰাটোৱে ই স্পষ্ট কৰি দিলে ।

তদুপৰি যিবোৰ সমষ্টিত দলৰ বিজয়ক লৈ বিজেপি নিশ্চিত হ’ব পৰা নাছিল, তেনে কে’বাটাও সমষ্টিত কংগ্ৰেছৰ শক্তিশালী নেতাক আদিৰ আনি প্ৰতিদ্বন্দ্বিতাত নমোৱা হৈছে আৰু তেনেদৰেই বিজয় নিশ্চিত কৰা হৈছে । এনেবোৰ কৌশলে বিজয় আনি দিলেও দলত অসন্তোষ বৃদ্ধি নকৰাকৈ থকা নাই ।

একেদৰেই ২০২৪ত বিজেপিৰ জয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ মধ্য প্ৰদেশতো পুনৰ দল আৰু চৰকাৰৰ নেতৃত্ব সলনিৰ দাবী উত্থাপিত হৈছে । দলৰে বিধায়কে আসন্ন বিধানসভা নিৰ্বাচনত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ মোকাবিলাৰ উদ্দেশ্যে দল-চৰকাৰৰ সম্পূৰ্ণ পুনৰ গঠনৰ দাবী জনাই কেন্দ্ৰীয় নেতৃত্বক পত্ৰ প্ৰদান কৰিছে ।

নাম উল্লেখ নকৰিলেও এই দাবীৰ লক্ষ্য যে একাধিক কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু তেওঁৰ একাংশ মন্ত্ৰী, তাক কোনেও নুবুজাকৈ থকা নাই । ইয়াৰ পূবেৰ্ও ৰাজ্যখনত উমা ভাৰতী, বাবুলাল গৌড়, শিৱৰাজ সিং চৌহান আদিক লৈ সংঘাত-অসন্তোষৰ সৃষ্টি হৈছিল । সেই বাবে এইবাৰ মধ্য প্ৰদেশতো গুজৰাটৰ দৰে পুৰণিসকলক উৎখাতৰ কৌশল গ্ৰহণৰ দাবী উত্থাপিত হৈছে ।

বিজেপিৰ বাবে এই সময়ত আন এক বিড়ম্বনাৰ উদ্ভৱ হৈছে কৰ্ণাটকক লৈ । ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলৰ অতি প্ৰভাৱশালী নেতা বি এছ য়েডুৰাপ্পাক লৈ নেতৃত্ব চিন্তিত । তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিলেও দাক্ষিণাত্যৰ এই ৰাজ্যখনত বিজেপিৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত য়েডুৰাপ্পাৰ প্ৰভাৱক কোনেও অস্বীকাৰ কৰিব নোৱাৰে ।

সেয়েহে দলৰ সৰ্বোচ্চ কতৃৰ্ত্বসম্পন্ন কমিটী সংসদীয় ব’ৰ্ডত তেওঁক স্থান দিয়া হৈছে যদিও য়েডুৰাপ্পা অসন্তুষ্ট হ’লে বিজেপিৰ বাবে সংকট নামি আহিব পাৰে বুলি দলীয় নেতৃত্ব অৱগত ।

তদুপৰি ৰাজ্যখনত ৰাহুল গান্ধীৰ দীঘলীয়া ভাৰত জোড়ো যাত্ৰা তথা  কংগ্ৰেছৰ সাংগঠনিক তৎপৰতাই বিজেপিক চিন্তিত কৰি তোলাটো স্বাভাৱিক ।

আনহাতে, ত্ৰিপুৰাত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক অপসাৰণ কৰি মানিক ভট্টাচাৰ্যক দায়িত্ব দিলেও পৰিস্থিতি উন্নত হোৱা নাই; বৰঞ্চ ৰাজ্যখনত দল আৰু চৰকাৰত সংঘাত বৃদ্ধিহে পাইছে । ৰাজ্যিক নেতৃত্ব আৰু কেন্দ্ৰীয় পৰ্যবেক্ষকসকলৰ প্ৰচেষ্টা সত্ত্বেও পৰিস্থিতিৰ পৰিৱৰ্তন ঘটা নাই ।

ইয়াৰ বিপৰীতে আগন্তুক নিৰ্বাচনত দুই বৈৰী দল চিপিএম আৰু কংগ্ৰেছ ঐক্যৱদ্ধভাৱে অৱতীৰ্ণ হ’লে বিজেপিৰ প্ৰতি যে গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব তাত সন্দেহ নাই ।

ইয়াৰ উপৰি বিজেপি শাসনত থকা আন কে’বাখনো ৰাজ্যত দল আৰু চৰকাৰত অসন্তোষ তথা সংঘাতে গা কৰি উঠিছে । নেতৃত্বৰ ৰোষত পৰাৰ আশংকাত নীৰৱে থাকিলেও সেই ক্ষোভৰ সুযোগ পালেই উদ্‌গীৰণ নঘটিব বুলি ক’ব নোৱাৰি ।

ইয়াৰ উপৰি মুদ্ৰাস্ফীতি আৰু ইয়াৰ ফলস্বৰূপে বিভিন্ন সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিষয়টোৰ মোকাবিলা কৰাটো বিজেপিৰ বাবে আসন্ন সময়ছোৱাত আন এক গুৰুতৰ প্ৰত্যাহ্বান হৈ উঠাৰ সম্ভাৱনা প্ৰবল । নিৰ্বাচনৰ পূবৰ্বৰ চিএছডিএছৰ সমীক্ষা অনুসৰি গুজৰাট আৰু হিমাচল প্ৰদেশত সাধাৰণ জনতাই বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী যেনে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যক লৈ গভীৰ অসন্তোষ ব্যক্ত কৰাটো ওলাই পৰিছে ।

সেই বাবেই কোনো অঘটনৰ পৰা হাত সাৰিবলৈ গুজৰাটত বিজেপিয়ে বছৰি দুটাকৈ বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিবলগীয়া হয়; অথচ প্ৰধানমন্ত্ৰীয়ে এনেদৰে বিনামূলীয়া সামগ্ৰী প্ৰদানৰ আঁচনিৰ তীব্ৰ বিৰোধ কৰি আহিছে ।

একেদৰে ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২০২০ৰ মাৰ্চত আৰম্ভ কৰা গৰিব কল্যাণ অন্ন যোজনা অহা ৩১ ডিচেম্বৰৰ পাছত কেন্দ্ৰীয় চৰকাৰে অব্যাহত ৰাখে নে সিও এক লক্ষ্যণীয় বিষয় হ’ব ।

প্ৰায় ৮০ কোটি লোকক বিনামূলীয়া খাদ্য যোগানৰ এই আঁচনিয়ে আসন্ন নিৰ্বাচনসমূহত প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assembly Election 2023BJPCongressDaninik AgradootElectionpranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d