Sankardev Sangha : ভৱেন্দ্ৰনাথ ডেকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ নিৰ্বাচিত

WhatsApp Image 2022 12 25 at 20.47.37

Sankardev Sangha :

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ২০২৩-২০২৪ৰ কাৰ্যকালয় বাবে পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, ৰঙীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভৱেন্দ্ৰনাথ ডেকা ।

আজি নগাঁও চহৰৰ কলংপাৰৰ সংঘৰ মূলৰ কাৰ্যালয়ত প্ৰধান সম্পাদক বাবুল বৰাই এক সংবাদমেলত সংঘৰ নতুন পদাধিকাৰগৰাকী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

সংবাদমেলত সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই কয় যে, সংঘৰ সংবিধান অনুসৰি এইবাৰো পদাধিকাৰ পদটোৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । সেইমৰ্মে যোৱা ২৫ ছেপ্টেম্বৰৰ কাৰ্যনিৰ্বাহকৰ পদাধিকাৰ নামৰ পেনেল প্ৰস্তুত কৰা সভাত প্ৰাক্তন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাক লৈ এজনীয়া নামৰ পেনেল প্ৰস্তুত কৰিছিল ।

কিয়নো পদাধিকাৰ পদৰ বাবে দ্বিতীয় আৰু তৃতীয় গৰাকী প্ৰাৰ্থীৰ নাম প্ৰস্তাৱ হোৱা নাছিল ।পাছত সেই পেনেলখন ডা° স্বৰাজ মোহন বৰাক অধ্যক্ষ হিচাপে লৈ গঠিত পদাধিকাৰ নিৰ্বাচনৰ তিনি জনীয়া সমিতিলৈ প্ৰস্তাৱ হিচাপে প্ৰেৰণ কৰে।

নিৰ্ধাৰিত তিনি মাহ সময় পাৰ হৈ যোৱাৰ পাছতো পদাধিকাৰ পদৰ বাবে আন কোনো এজন প্ৰাৰ্থীয়েই মনোনয়ন দাখিল নকৰিলে অথবা আন কোনো প্ৰাৰ্থীৰ নামৰ বাবে প্ৰস্তাৱ নাহিল । সেয়েহে আজি নিৰ্বাচনী সমিতিৰ অধ্যক্ষ ডা° স্বৰাজ মোহন বৰাৰ নেতৃত্বাধীন পদাধিকাৰ নিৰ্বাচন সমিতিয়ে ১৭ ডিচেম্বৰত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত অনুসৰি এজনীয়া নামৰ পেনেলখনত নাম থকা ভৱেন্দ্ৰনাথ ডেকাৰ নামটোকে সংঘৰ পৰৱৰ্তী পদাধিকাৰ হিচাপে নিৰ্বাচিত কৰিবলৈ আনুষ্ঠানিক প্ৰস্তাৱ প্ৰেৰণ কৰে প্ৰধান সম্পাদক বাবুল বৰালৈ ।

সেইমৰ্মে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে পৰৱৰ্তী কাৰ্যকালৰ বাবে ভৱেন্দ্ৰনাথ ডেকা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ।

বাবুল বৰাই আৰু কয় যে, এইবাৰ সংঘৰ পদাধিকাৰ নিৰ্বাচনত ৫৪৩৫ খন প্ৰাথমিক শাখাই অংশগ্ৰহণ কৰিব লাগিছিল । বহু বছৰৰ মূৰত এইবাৰ সংঘৰ পদাধিকাৰ গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।

ডেকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স’তে সুদীৰ্ঘ চাৰিটা দশক জড়িত হৈ সেৱা আগবঢ়াই আছে । ইতিমধ্যে তেওঁ সংঘৰ পদাধিকাৰ হিচাপে ২০১৫ৰ পৰা ২০১৯ পৰ্যন্ত দুটা কাৰ্যকাল সেৱা আগবঢ়োৱাৰ উপৰিও বৰ্তমান উপদেষ্টা হিচাপে সেৱা আগবঢ়াই আছে ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাপে ডেকাই ২০২৩ৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ধেমাজি জিলাৰ জোনাইত অনুষ্ঠিত হ’বলগীয়া সংঘৰ ৯২ সংখ্যক প্ৰাদেশিক অধিৱেশনতে দায়িত্বভাৰ গ্ৰহণ কৰিব ।

Exit mobile version