Accident : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবঙত নিশা শোকাৱহ পথ দুৰ্ঘটনা

থিতাতে নিহত দুই মটৰচাইকেল আৰোহী

WhatsApp Image 2022 12 26 at 19.08.30

Accident :

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবঙত নিশা শোকাৱহ মটৰচাইকেল দুৰ্ঘটনা

দুৰ্ঘটনাত থিতাতে নিহত দুই মটৰচাইকেল আৰোহী ।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মাৰে এ এছ ০৯ ডি-৭৯৯৫ নম্বৰৰ মটৰচাইকেলখনে ।

নিহত লোক দুজন হৈছে ক্ৰমে নিহাং গাঁৱৰ মণিৰাম তিচ্ছ আৰু কলঙাৰ ছাৰকিৰী বে ।

উল্লেখযোগ্য যে নিশা প্ৰায় ছয়-সাত বজাত নিহাং গাঁৱৰ পৰা মটৰচাইকেলেৰে পেট্ৰ’ল ভৰাই কলঙালৈ যাম বুলি কৈ ওলাই আহিছিল ব্যক্তিদ্বয়ে । ইয়াৰ পাছতে চেংবঙত সংঘটিত হৈছিল শোকাৱহ ঘটনাটো ।

অৱশ্যে নিশাই উক্ত ঘটনাটো সংঘটিত হয় যদিও ৰাতিপুৱাহে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

Exit mobile version