Inauguration Ceremony : বাশবাৰী হিতেন্দ্ৰ নাথ মুচাহাৰী কলেজৰ ছোৱালী হোষ্টেলৰ আধাৰশিলা স্থাপন

আধাৰশিলা স্থাপন শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগুৰ

2533b0e8 8731 4cee a60f 5832dcc9dba4

Inauguration Ceremony :

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বাশবাৰী এইচ এন মুচাহাৰী মহাবিদ্যালয়ৰ ছোৱালী আবাসগৃহৰ আধাৰশিলা আজি আনুষ্ঠানিক ভাবে স্থাপন কৰা হয়।অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই আবাসগৃহৰ আধাৰশিলা স্থাপন কৰে।

অসম চৰকাৰৰ শিক্ষা বিভাগে আবন্টন দিয়া প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব এই আৱাসগৃহটো । উচ্চ শিক্ষানুষ্ঠানৰ তেনে কোনো সুবিধা নথকা বাশবাৰী মহাবিদ্যালয়খনৰ ছোৱালী ছাত্ৰ ছাত্ৰী থকা বাবে উক্ত ধনৰ আবন্টন দি অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰে।

আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে শিক্ষা মন্ত্ৰী গৰাকী অংশ গ্ৰহণ কৰি ভাষণত কয় যে, অসমৰ জ্বলন্ত সমস্যা সমূহ সমাধান কৰিবলৈ আগতে আন্দোলন কৰিব লাগিছিল। কিন্তু আজিৰ দিনত কোনো আন্দোলন কৰাৰ প্ৰয়োজন নাই। চৰকাৰ খনে সমস্যা সমাধান কৰিবলৈ নিজে আগ্ৰহী আৰু আগবাঢ়ি আহিছে।

চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰি সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অসমত ৩৪ খন পলিটেকনিক কলেজ হবলৈ আগবাঢ়িছে যদি বাশবাৰীত এখন হ’ব লাগে তাত কোনো আপত্তি নাই। অসমৰ বহু সমষ্টিত চৰকাৰী মহাবিদ্যালয় নাই। তামলপুৰ, বৰচলা সমষ্টিতো মহাবিদ্যালয় নথকা বাবে এখন কৈ চৰকাৰী মহাবিদ্যালয় দিয়া হব।

আমাৰ যুৱ সমাজে চাকৰি বিচাৰি থাকে নাইবা বহি :ৰাজ্যত কাম কৰিবলৈ যায়। আজিৰ দিনত ধান উৎপাদন কৰি আৰু নিজৰ মাটিত গছ ৰোপণ কৰি স্বাৱলম্বী হব পাৰি। ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে। শিক্ষা মন্ত্ৰী গৰাকী আকৌ কয় যে, ২০১১ চনৰ পৰা আজি লৈকে চৰকাৰে মুঠ দুই লাখ ১১ হেজাৰ চাকৰি দিছে।

কম দিনৰ ভিতৰতে চৰকাৰে শিক্ষা বিভাগত চাকৰিৰ জাননী ঘোষণা কৰিব। সেই সমূহ পদত চাকৰি কৰিবলৈ দক্ষতা অর্জন কৰিব লাগিব। ইয়াৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ খুলি যুৱক যুৱতীক উপযুক্ত কৰি তুলিব লাগিব। চৰকাৰে সকলো কাম কৰিব নোৱাৰে।

চৰকাৰৰ দায়িত্বত থকা সমূহ চৰকাৰে কৰিব। ইয়াৰ বাবে সমাজৰ প্ৰতিজন সচেতন নাগৰিকে দায়িত্ব লব লাগিব। মন্ত্ৰী গৰাকী আকৌ কয় যে, বাশবাৰী অঞ্চলত কোনো অতিথিশালা নাই।

সেইবাবে ইয়াত এটা অতিথিশালা নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে। অসমত ভবা ধৰণে বিদ্যালয়ৰ সংখ্যা বহু বেছি আছে। স্থান, দূৰত্ব আৰু গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিখা অনুষ্ঠানৰ সংখ্যা হ্ৰাস কৰিব লাগিব।

Exit mobile version