Afghan Universities : আফগানিস্তানত ছাত্রী অৱৰোধ কৰিবলৈ বিশ্ববিদ্যালত সশস্ত্রৰক্ষীৰ পহৰা

WhatsApp Image 2022 12 28 at 17.41.33

Afghan Universities :

গেটত বহি আছে বন্দুকধাৰী নিৰাপত্তাৰক্ষীসকল । গোটেই চৌহদ কাঁটা তাঁৰেৰে আৱৰি পেলোৱা হৈছে । ছাত্রীসকলৰ প্রৱেশ অৱৰোধ কৰিবলৈ আফগানিস্তানৰ বিশ্ববিদ্যালয়সমূহত এই কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে তালিবান চৰকাৰে । কে’বাটাও আন্তর্জাতিক সংবাদমাধ্যমত এই দাবী কৰা হৈছে ।

যোৱা ২০ ডিচেম্বৰত তালিবান চৰকাৰৰ শিক্ষা মন্ত্রণালয়ে জনাইছিল, এতিয়াৰে পৰা মহিলাসকলে বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব । তাৰ পাছৰ পৰাই দেশজুৰি প্রতিবাদত নামে ছাত্রীসকল ।

তালিবানৰ এই ফতোৱাৰ বিৰুদ্ধে সৰৱ হৈছে ছাত্র, শিক্ষক আৰু অধ্যাপকসকলো । বিশ্ববিদ্যালয়সমূহৰ গেটৰ সন্মুখত বিক্ষোভ প্রদর্শন অব্যাহত আছে ।

পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবৰ বাবে, সকলো বিশ্ববিদ্যালয়ত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে তালিবানে ।

এক ব্রিটিছ সংবাদমাধ্যমৰ প্রতিবেদন অনুযায়ী, তালিবান চৰকাৰৰ এই ব্যৱস্থাৰ বিৰুদ্ধে ছাত্রীসকলক সহযোগ কৰিছে ছাত্রসকলেও । তেওঁলোকে একত্ৰিত হৈ বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা বৰ্জন কৰিছে ।

ছাত্র আৰু শিক্ষকসকলৰ দাবী, যেনেদৰে ছাত্রীসকলৰ শিক্ষাৰ অধিকাৰ হৰণ কৰা হৈছে, সেয়া সহন কৰা নহ’ব । নাৰীৰ শিক্ষাৰ অধিকাৰ ঘূৰাই দিব লাগিব ।

পূর্বতন আফগান চৰকাৰৰ এক প্রাক্তন বিষয়া ছবনম নাছিমিয়ে বোৰ্খা পৰিধান কৰা এগৰাকী ছাত্রীৰ ছবি টুইট কৰিছে । হাতত প্লেকার্ড লৈ বিশ্ববিদ্যালয়ৰ সশস্ত্রৰক্ষী আৰু কাঁটা তাঁৰৰ বেৰ দিছে ।

এই ছবি টুইট কৰি ছবনমে লিখে, “এই ছবিখনেও যদি মন সলনি নকৰে, তেন্তে কি কৰিব ! তেওঁলোকক যাতে বিশ্ববিদ্যালয়ত পুনৰ প্ৰৱেশ কৰাৰ সুযোগ দিয়া হয় সেই আশাৰে কাবুল বিশ্ববিদ্যালয়ৰ বাহিৰত অসংখ্য ছাত্রীয়ে অপেক্ষা কৰি আছে ।”

তালিবান চৰকাৰৰ ফতোৱা জাৰিৰ কিছুদিন পূৰ্বে আফগানিস্তানৰ বিশ্ববিদ্যালয়সমূহত প্রবেশিকা পৰীক্ষা হৈছিল । কিন্তু বিশ্ববিদ্যালয়ৰ চৌহদত ভৰি দিয়াৰ আগতেই, ছাত্রীসকলৰ বাবে জাৰি হ’ল তালিবানি ফতোৱা

Exit mobile version