COVID-19 : মাত্র দুদিনতেই বিদেশৰ পৰা অহা যাত্রীৰ ৩৯ জন ক’ভিড আক্রান্ত, উদ্বিগ্ন কেন্দ্র

WhatsApp Image 2022 12 28 at 19.10.08

COVID-19 :

বিদেশৰ পৰা ভাৰতত অহা ৩৯ জন বিমানযাত্রীৰ ক’ভিড পৰীক্ষাৰ ৰিপ’র্ট পজিটিভ আহিছে । বিমানবন্দৰ কৰ্তৃপক্ষৰ সূত্রে এই খবৰ জানিব পৰা গৈছে ।

চীনত ক’ভিড সংক্রমণ বৃদ্ধি হোৱাৰ পাছতেই বিমানবন্দৰত বিদেশৰ পৰা অহা যাত্রীসকলৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হয় ।

মাত্র দুদিনৰ পৰীক্ষাৰ পাছতেই দেখা গৈছে, ভাৰত আৰু অন্য দেশৰ নাগৰিক মিলাই মুঠ ৩৯ জন ক’ভিড আক্রান্ত‌ই দেশৰ বিভিন্ন বিমানবন্দৰত অৱতৰণ কৰিছে ।

অহা বৃহস্পতিবাৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত যাব কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনছুখ মাণ্ডভিয়া । ইতিমধ্যে দেশৰ বিমানবন্দৰত অৱতৰণ কৰা আন্তর্জাতিক বিমানৰ প্ৰায় ছহেজাৰজন যাত্রীৰ ৰেপিড পৰীক্ষা কৰা হৈছে ।

এই পর্যন্ত ভাৰতত ক’ভিডৰ দুশটা প্রতিৰূপৰ উপস্থিতিৰ প্রমাণ পোৱা গৈছে । তাৰ ভিতৰত বিএফ.৭ নামৰ প্রতিৰূপটিও আছে ।

চীনত বিএফ.৭ প্রতিৰূপটোৰ ফলত বহু লোক সংক্ৰমিত হৈছে । অৱশ্যে ভাৰতত ক’ভিড সংক্রমিতসকলৰ ভিতৰত মাত্র ১৫ শতাংশ এই উপৰূপত আক্রান্ত

দেশৰ চিকিৎসকসকলৰ এটা বৃহৎ অংশৰ মতে, ক’ভিডৰ নতুন উপৰূপসমূহৰ বিৰুদ্ধে যুঁজিবলৈ চীনৰ দেশীয় প্রতিষেধক সিমান কার্যকৰী নহয় ।

কিন্তু ভাৰতত শক্তিশালী ক’ভিড প্রতিষেধক ব্যৱহৃত হোৱাৰ বাবে দেশবাসীৰ ক’ভিডৰ বিৰুদ্ধে মিশ্র প্রতিৰোধ ক্ষমতা সৃষ্টি হৈছে । সেয়ে এতিয়াই শংকাৰ কাৰণ নাই বুলি মত তেওঁলোকৰ ।

Exit mobile version