Media Super General Meeting: মিডিয়া চুপাৰ ৰিক্রেচন ক্লাৱৰ বার্ষিক সাধাৰণ সভা অনুষ্ঠিত

WhatsApp Image 2022 12 28 at 18.27.33 1

Media Super General Meeting :

বুধবাৰে শিলচৰ প্ৰেছ ক্লাৱত মিডিয়া চুপাৰ ৰিক্রেচন ক্লাৱৰ পঞ্চম বার্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় । বিশিষ্ট সাংবাদিক সমীৰণ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আলোচনাক্রমে ক্লাৱৰ চলিত বছৰৰ অনুষ্ঠানৰ কর্মসূচী ঘোষণা কৰা হয় ।

বিশেষকৈ আগন্তুক জানুৱাৰী মাহৰ শেষ সপ্তাহত পঞ্চম বার্ষিক ক্রিকেট টুর্নামেন্ট প্রতিযোগিতা -২০২৩ অনুষ্ঠিত কৰাৰ প্রস্তাব গ্রহণ কৰা হয় ।

ইয়াৰ পাছতে সভাত উপস্থিত থকা ৰাজ্য চৰকাৰৰ তথ্য ও জনসংযোগ বিভাগৰ স্বীকৃতিপ্রাপ্ত সাংবাদিক দেবদুলাল মালাকাৰ , অজিত দাস, নুৰুল হুদা, বিশ্বজিৎ আচার্য আৰু ৰিতেশ নুনিয়াক ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সভাত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল হৈছে, অৰূপ নন্দী, গৌতম তালুকদাৰ , ৰানু দত্ত, ৰাজু চৌধুৰী ,বিপ্লব দে প্রমুখ।

সভাত সদ্য প্রয়াত মিডিয়া চুপাৰৰ সদস্য ৰুহুল লস্কৰৰ অকাল বিয়োগত শোক প্রকাশ কৰি এক মিনিট সময় নিৰৱতা পালন কৰা হয় ।

Exit mobile version