Musa Hasahya : ১২ গৰাকী পত্নীৰ স’তে ১০২ সন্তানক লৈ সংসাৰ চলোৱাত কষ্ট

গৰ্ভ নিৰোধক ব্যৱহাৰৰ নিৰ্দেশ দিলে পত্নীক

AA15H0aO

Musa Hasahya :

শত সন্তানৰ পাছত বিশেষ উপলব্ধি হ’ল আধুনিক ধৃতৰাষ্ট্ৰৰ।এই আধুনিক ধৃতৰাষ্ট্ৰজন হৈছে উগাণ্ডাৰ ৬৭ বছৰীয়া মুছা হাছাইয়া। তেওঁৰ ১২গৰাকী পত্নীয়ে ইতিমধ্যে ১০২ দুটা সন্তান জন্ম দিছে।

সন্তানৰ ‘চেঞ্চৰী’ মৰাৰ পাছত এতিয়া মুছাৰ উপলব্ধি হৈছে যে সতি-সন্ততিৰ ভিৰত তেওঁৰ বাবে এতিয়া সংসাৰ চলোৱাটো কষ্টকৰ হৈ পৰিছে।

সেয়ে এক ডজন পত্নীক মুছাৰ নিৰ্দেশ, এতিয়াৰ পৰা তেওঁলোকে গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰিব লাগিব। সংবাদ মাধ্যমৰ আগত বৃদ্ধ লোকজনে কয়, ‘মই আৰু সন্তান প্রতিপালন কৰিব নোৱাৰো। মোৰ সীমিত আয়েৰে সংসাৰ চলাব নোৱৰা হৈছো। অৱশ্যে মোৰ ১২ পত্নীয়ে এতিয়া সন্তান ধাৰণ কৰিব পাৰে।

সেয়ে তেওঁলোকক পৰামৰ্শ দিছো, এতিয়াৰ পৰা সকলোৱে গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰক।’ উগাণ্ডাৰ বুগুছাৰ নিবাসী মুছাৰ বাসগৃহ যথেষ্ট ডাঙৰ। ১২গৰাকী পত্নীৰ বাবে পৃথক ১২টা ঘৰ আছে।

মুছাৰ ১০২টি সন্তানৰ বহুতেই ইতিমধ্যে পিতৃ বা মাতৃ হৈছে। মুছাৰ নাতি-নাতিনীৰ সংখ্যাও এতিয়া ৫৬৮জন। নাতি-নাতিনী সকলোৰে নাম মনত নাই মুছাৰ। মুছাই নিজৰ সংসাৰৰ সম্পর্কে কয় যে ১৯৭১ত তেওঁৰ প্রথম বিয়া হয়।

প্রথম পত্নীৰ নাম হৈছে হানিফা। ১৬ বছৰ বয়সত স্কুল এৰিয়েই তেওঁ বিয়াৰ সিদ্ধান্ত লৈছিল। ১৮ বছৰ বয়সত পিতৃও হয়। দুবছৰৰ ভিতৰতে এহাল ল’ৰা-ছোৱালী জন্ম দিয়ে হানিফাই।

গাঁৱত যথেষ্ট প্রতিপত্তি আছে মুছাৰ। বৃত্তিত ব্যৱসায়ী মুছা আকৌ গাঁৱৰ প্ৰধানো। স্থাবৰ-অস্থাবৰ সম্পত্তিও বিশাল। সেইবাবেই তেওঁ পৰিয়াল বৃদ্ধিৰ সিদ্ধান্ত লৈছিল।

ইয়াৰ বাবেই তেওঁ ১২বাৰ বিয়াত বহে। ক্ৰমাৎ সংসাৰ বাঢ়ি যোৱাৰ ফলত তেওঁৰ খৰচৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰিলে। যাৰ বাবে সম্প্ৰতি তেওঁ আর্থিক সমস্যাৰ সন্মুখীন হৈছে।

প্ৰত্যেক ল’ৰা-ছোৱালীয়ে যাতে পঢ়া-শুনাৰ সুযোগ পায়, তাৰ বাবে তেওঁ সম্প্ৰতি চৰকাৰৰ পৰা সাহায্য বিচাৰি আবেদন জনাইছে। ইপিনে, মুছাৰ প্ৰথম পত্নীয়ে সদৰী কৰে যে আন ১১গৰাকী সতিনীৰ স’তে তেওঁৰ কোনোদিনেই বিবাদৰ সৃষ্টি হোৱা নাই।

সকলোৱে মিলা- মিছাকৈ থাকে। স্বামীয়ে আর্থিক দিশটোৰ চিন্তা কৰিলেও হানিফাই কয়, ‘ভালদৰেই দেখোন চলি আছে!’

Exit mobile version