Railways : আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰে’ল সেৱাৰ চমু পৰিসমাপ্তি-সংক্ষিপ্ত প্ৰাৰম্ভ আৰু পুনঃনিৰ্ধাৰণ

WhatsApp Image 2022 12 28 at 20.53.56

Railways :

২৮ৰ পৰা ৩০ ডিচেম্বৰ ২০২২ লৈ প্ৰি-নন-ইণ্টাৰলিংকিং আৰু ৩১ ডিচেম্বৰ ২০২২ৰ পৰা তিনি জানুৱাৰী ২০২৩ লৈ কেফাৰবেজগঞ্জ ষ্টেচনৰ য়াৰ্ড ৰিমডেলিং কাৰ্য আৰম্ভ হোৱাৰ বাবে কাটিহাৰ ফাৰবেজগঞ্জ – চাহাৰচা জংচন খণ্ডত উন্নত ৰে’ল যোগাযোগৰ ব্যৱস্থা কৰিবলৈ কেইখনমান ৰে’লৰ চমু পৰিসমাপ্তি/সংক্ষিপ্ত প্ৰাৰম্ভ আৰু পুনঃনিৰ্ধাৰণ কৰা হৈছে ।

২৯ ডিচেম্বৰ ২০২২ৰ পৰা তিনি জানুৱাৰী ২০২৩লৈ চলাচল কৰিবলগীয়া ৰে’ল নম্বৰ ০৭৫৫৩ (কাটিহাৰ-যোগবানী) ডেম’বিশেষ, ৰে’ল নম্বৰ ০৭৫৫৯ (কাটিহাৰ-যোগবানী) ডেম’বিশেষ, ৰে’ল নম্বৰ ০৭৫৪৫ (কাটিহাৰ-যোগবানী) ডেম’বিশেষ আৰু ৰে’ল নম্বৰ ০৭৫৫৫ (কাটিহাৰ-যোগবানী) ডেম’বিশেষ যাত্ৰা চিমৰাহা ষ্টেচনত চমু পৰিসমাপ্তি কৰা হ’ব ।

২৯ ডিচেম্বৰ ২০২২ৰ পৰা তিনি জানুৱাৰী ২০২৩ তাৰিখলৈ চলাচল কৰিবলগীয়া ৰে’ল নম্বৰ ০৭৫৫৪ (যোগবানী-কাটিহাৰ) ডেম’বিশেষ, ৰে’ল নম্বৰ ০৭৫৬০ (যোগবানী-কাটিহাৰ) ডেম’বিশেষ, ৰে’ল নম্বৰ ০৭৫৪৬ (যোগবানী-কাটিহাৰ) ডেম’বিশেষ যাত্ৰা আৰু ৰে’ল নম্বৰ ০৭৫৫৬ (যোগবানী-কাটিহাৰ) ডেম’বিশেষ যাত্ৰা চিমৰাহা ষ্টেচনৰ পৰা সংক্ষিপ্ত প্ৰাৰম্ভ কৰা হ’ব ।

৩১ ডিচেম্বৰ ২০২২ আৰু তিনি জানুৱাৰী ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নম্বৰ ১৩১৬০ (যোগবানী-কলকাতা) এক্সপ্ৰেছ ৰে’লখন যোগবানী ষ্টেচনৰ পৰা ১৪.৪৫ ঘণ্টাৰ পৰিৱৰ্তে ১৬.৩০ বজাত যাত্ৰাৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হ’ব ।

Exit mobile version