Winter Super food : শীতত ৰোগৰ পৰা বাচিবলৈ ডায়েটত ৰাখক এইকেইবিধ চুপাৰ ফুড

WhatsApp Image 2022 12 28 at 18.11.45

Winter Super food :

কিছুমান ফল-মূল বা পাচলি শীতত খালে শৰীৰ সুস্থ হৈ থাকে । সাধাৰণতে ঠাণ্ডাত এনে কে’বিধমান খাদ্য খালে আমাৰ শৰীৰটো উষ্ণ হৈ থকাৰ লগতে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাও বৃদ্ধি কৰে ।

সেইয়ে আজি আমি পঢ়ুৱৈ সকলক এনে কে’বিধমান খাদ্যৰ কথা জ্ঞাত কৰিম, যিবোৰ খালে আমাৰ শৰীৰ উষ্ণ হৈ থকাৰ লগতে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ।

১/ ৰঙালাউ :- এই ঋতুত ৰঙালাউ আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী । ইয়াত পোৱা ফাইবাৰ, মেগনেচিয়াম,বিটা কেৰোটিন ,ভিটামিন চি আৰু বি-৬ য়ে আমাৰ শৰীৰৰ ৰক্তচাপ আৰু কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে ।

২/ আদা :– শীতত আমাৰ শৰীৰত প্ৰৱেশ কৰিব পৰা যিকোনো ভাইৰাছ ৰোধ কৰাত আদাই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে । বিশেষজ্ঞৰ মতে ,আদাই হজমী শক্তি বৃদ্ধি কৰাৰ লগতে পৰিপাক পক্ৰিয়া সঠিক কৰি ৰাখি ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে ।

৩/ আপেল :– আপেল হৈছে ভিটামিন চি ৰ উৎকৃষ্ট উৎস । শীতত আপেল খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ইয়াত থকা পেকটিন , পানীত দ্ৰৱণীয় হোৱা ফাইবাৰে কলেষ্টৰল হ্ৰাস কৰাত সহায় কৰে ।

৪/ মিঠা আলু :– মিঠা আলু ডায়েবেটিচৰ কাৰণে প্ৰয়োজনীয় এবিধ পাচলি । এই আলুত ৪ গ্ৰাম ফাইবাৰ, ভিটামিন চি আছে । গৱেষণাত এইকথা প্ৰকাশ হৈছে যে, এই আলুত থকা ভিটামিনে ইনচুলিন উৎপাদনকাৰী কোষৰ উন্নতি কৰে । মিঠা আলুত থকা বিটা কেৰোটিন এন্টিঅক্সিডেন্টে ফ্ৰি ৰেডিকেল ডেমেজ তথা প্ৰবাহৰ পৰাও ৰক্ষা কৰে ।

৫/ বীট :– উপকাৰী গুণৰ বাবেই বীটক চুপাৰফুড হিচাপে ধৰা হয় । ই ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাৰ সমান্তৰালকৈ পেশী শক্তিশালী কৰে আৰু ডিমেনচিয়া , ওজন কমোৱাতো সহায় কৰে ।

৬/ ডালিম :–ডালিমত প্ৰচুৰ পৰিমাণে পলিফেনল থাকে । বিশেষজ্ঞৰ দাবী , ডালিমে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে সংক্ৰমণ ৰোধ কৰি স্মৃতি শক্তি বৃদ্ধি কৰে । ইয়াৰোপৰি ডালিম ডায়েবেটিচৰ কাৰণেও উপকাৰী ফল ।

৭/ ব্ৰকলি :– ব্ৰকলি হৈছে ভিটামিন চিৰ উৎকৃষ্ট উৎস । প্ৰতিদিনে ব্ৰকলি খালে ভিটামিন চি ৰ চাহিদা পূৰণ কৰাত সহায় কৰে । ই কেন্সাৰৰ দৰে মৰাত্মক ৰোগ প্ৰতিৰোধ কৰাকো সহায় কৰে ।

বি:দ্ৰ: এই প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়।

Exit mobile version