3 Ways To Preserve Ginger : দীৰ্ঘদিন আদা ভালে ৰখাৰ তিনিটা সহজ উপায় 

DPXmySo4vC6CPTVtuHFkfQ 1200 80

3 Ways To Preserve Ginger :

যিকোনো খাদ্য ৰন্ধাৰ বাবে আদা হৈছে এক অসাধাৰণ উপাদান । আদা খোৱাটো স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী । চৰ্দি-কাঁহ আদিত মৌৰ ৰসৰ লগত আদা ৰস মিহলাই খালে ঔষধৰ কাম কৰে । ইয়াৰোপৰি আদাই হজমী শক্তি বৃদ্ধি কৰে ।

কিন্তু বেছিদিনলৈ আমি আদা সংৰক্ষণ কৰি ৰাখিব নোৱাৰো । কিয়নো আদা খুব সোনকালেই বেয়া হোৱাৰ সম্ভাৱনা থাকে ।

সেয়েহে আজি আমি পঢ়ুৱৈসকলক আদা সংৰক্ষণৰ তিনিটা উপায় জ্ঞাত কৰিম ।

১/ সূৰ্যৰ পোহৰত আদা সংৰক্ষণ কৰা একেবাৰে উচিত নহয় । সূৰ্যৰ পোহৰত আদা সোনকালে বেয়া হয়। সেইবাবে আদা সদায় ৰন্ধাঘৰৰ পোহৰ নপৰা স্থানত ৰাখিব লাগে ।

২/ আদা যদি ফ্ৰিজত ৰাখিব খোজে তেন্তে আদাসমূহ টিচ্যু পেপাৰেৰে মেৰিয়াই ৰাখিব লাগে লগতে এনেদৰে মেৰিয়াই ৰখা আদাসমূহ এটা পাত্ৰত ৰাখিলে বহুদিনলৈ ভাল হৈ থাকে ।

৩/ আদাৰ বাকলি গুচাই সৰু সৰু টুকুৰা কৰি এটা মুখ বন্ধ টেমাত ৰাখিলেও বহুদিনলৈ আদা সংৰক্ষণ কৰি ৰাখিব পাৰি । ওপৰোক্ত তিনিটা উপায়ৰ এটা উপায় অৱলম্বন কৰিও আপুনি আদা সংৰক্ষণ কৰিব পাৰিব ।

Exit mobile version