Guwahti Traffic Dcp Strictly Warns :৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত গুৱাহাটীবাসীৰ বাবে আৰক্ষীৰ ১০ টা নিয়ম !

WhatsApp Image 2022 12 29 at 21.06.00

Guwahti Traffic Dcp Strictly Warns:

সমাগত ৩১ ডিচেম্বৰ আৰু এক জানুৱাৰীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰ আৰক্ষীয়ে যান – বাহন চালকৰ বাবে বলবৎ কৰিছে কেতবোৰ নীতি- নিয়ম ৷

দহটা নিয়ম ভংগ কৰা সকলে সন্মুখিব হ’ব লাগিব আৰক্ষীৰ কঠোৰ শাস্তিৰ

মহানগৰ আৰক্ষীৰ ডি চি পি হিৰণ্য কুমাৰ বৰ্মনে আজি এক সংবাদমেলযোগে সদৰি কৰে নতুন নিয়মাৱলী :

মহানগৰীৰ ৰাজপথত অনুজ্ঞাপত্ৰবিহীনভাৱে চলাব নোৱাৰিব যানবাহন

সুৰামত্ত হৈ চলাব নোৱাৰিব যানবাহন। একেদৰে পিকনিক স্পটৰ পৰা আহোতেও খাই আহিব নোৱাৰিব সুৰাপান
যানবাহন চলোৱা সময়ত ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল ৷

আনহাতে বাৰ, ক্লাৱ,ৰেষ্টুৰেণ্ট,শ্বপিং মল আৰু পাকিং এৰিয়াত চিচিটিভি কেমেৰা লগোৱা বাঞ্ছনীয় ৷ একেদৰে থাকিব লাগিব পৰ্যাপ্ত পোহৰৰ ৷

নৈশভাগত চলোৱা বাহত সমূহত থাকিব লাগিব প্ৰয়োজনীয় লাইট ৷
বনভোজস্থলীত সুৰাপান কিনা-বেচাত নিষেধাজ্ঞাৰ লগতে সুৰাপানটো বাধাৰোপ

কোনো এট পৰিয়ালে এখন বাহনৰ বিপৰীতে দুই -তিনিখন বাহন ব্যৱহাৰ কৰাব নোৱাৰিব ৷

নিৰ্ধাৰিত কৰি দিয়াৰ পথৰ বিপৰীতে আন পথত গাড়ী চলোৱাত বাধাৰোপ ৷ অন্যৰ্থাই ভৰিব লাগিব
জৰিমনাৰ 
কোনো আৰক্ষীয়ে নাগৰিকক বেয়া ব্যৱহাৰ কৰিলে তৎক্ষণাত অভিযোগ দিয়ক সংশ্লিষ্ট আৰক্ষী নিৱেশ বা যানবাহন আৰক্ষীৰ উপায়ুক্তক ৷

উল্লিখিত দিনকেইটাত শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান মহানগৰ যানবাহন আৰক্ষীৰ ৷

 সংবাদমেলত মহানগৰ যানবাহন আৰক্ষীৰ উপায়ুক্ত(ডি চি পি) হিৰণ্য কুমাৰ বৰ্মনে উল্লেখ কৰে যে চলিত ডিচেম্বৰ মাহৰ ২০ ৰ পৰা ২৮ লৈ সুৰাপান কৰা গাড়ী চলোৱা ৩৭৫ জনক জৰিমনা বিহিছে আৰক্ষীয়ে ৷ এনেলোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব ৷

Exit mobile version