Atul Bora:নতুন বছৰটো ভাতৃত্ববোধ, আত্মনিৰ্ভৰশীলতাৰ বছৰৰ সংকল্প অগপৰঃ অতুল বৰা

ব্যাপক সাংগঠনিক তৎপৰতাৰে নিৰ্বাচনী প্ৰস্তুতি অগপৰ

WhatsApp Image 2022 12 30 at 18.54.51

Atul Bora:

নৱবৰ্ষৰ প্ৰাক্ ক্ষণত অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত সাংবাদিকৰে সৈতে অনুষ্ঠিত এক মতবিনিময় অনুষ্ঠানত দলটোৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই আগন্তুক নতুন বছৰটোত ভাতৃত্ববোধ আৰু আত্মনিৰ্ভৰশীলতাৰ বছৰ হওঁক বুলি মন্তব্য কৰে।

বৰাই কয় যে, ৰাজ্যখনৰ বিকাশ আৰু প্ৰগতিৰ বাবে তথা অৰ্থনৈতিকভাৱে স্বাবলম্বী কৰাৰ উদ্দেশ্যে আত্মনিৰ্ভৰশীলতাক মূল কাৰ্য্যসূচী হিচাপে লৈ আগবাঢ়িব লাগিব।

সকলো শ্ৰেণীৰ মানুহৰ মাজত একতা আৰু ভাতৃত্ববোধৰ জৰিয়তে ৰাজ্যখনত উন্নয়ণ আৰু শান্তিৰ বাতাবৰণ গঢ়ি তুলিবলৈ ঐক্যবদ্ধ ভাৱে আগবাঢ়ি যোৱাৰ সময় সমাগত। দলে নতুন বছৰটোত ব্যাপক সদস্যভৰ্তি আৰু সাংগঠনিক কাৰ্য্যসূচীৰে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাব।

সমষ্টি পুনৰনিৰ্ধাৰণৰ সিদ্ধান্তক দলে আদৰণি জনাইছে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে, অসমৰ জনসাধাৰণৰ প্ৰতি দলে পূৰ্বৰ দৰে জাতীয় দায়বদ্ধতা পালন কৰি যাব।

অনুষ্ঠানত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি ৰাজ্যখনৰ সৰ্বদিশতে আগবঢ়াই নিয়াত নতুন বছৰটোত অসমবাসীৰ সহযোগিতা কামনা কৰে।

অনুষ্ঠানত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, নুৰুল হুছেইন, হিৰণ্য কুমাৰ কোৱঁৰ, বিমলেন্দু সিনহা, উপ-সভাপতি দিলীপ পাটগিৰী, সুনীল ডেকা, সুনীল ৰাজকোৱঁৰ, আক্ৰাম হুছেইন, বিষ্ণু দাসৰ লগতে প্ৰচাৰ সম্পাদক ড:তপন দাস আৰু ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি-সাধাৰণ সম্পাদক সকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে দলৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা এখনো অনুষ্ঠিত হৈ যায়। কাৰ্য্যনিৰ্বাহক সভাত দলৰ সংবিধান সংশোধন, সমষ্টি পুনৰনিৰ্ধাৰণ, দলীয় সংগঠন, লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত বিষদ ভাৱে আলোচনা কৰা হয়।

Exit mobile version