Chetana Das :২০২৩ বৰ্ষৰ শিল্পী সাধনা বঁটা প্ৰদান যশস্বী অভিনেত্ৰী চেতনা দাসক

WhatsApp Image 2022 12 30 at 19.27.31 1

Chetana Das :

সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদে যশস্বী অভিনেত্ৰী চেতনা দাসলৈ আগবঢ়াইছে ২০২৩ বৰ্ষৰ শিল্পী সাধনা বঁটা

ন জানুৱাৰীত গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত আমবাৰীৰ গুৱাহাটীপ্ৰেছ ক্লাৱৰ অনুষ্ঠিত হ’বলগীয়া সংগঠনটোৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অভিনেত্ৰী গৰাকীক এই সন্মান প্ৰদান কৰিব ।

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগঠটোৱে দ্বিতীয়বাৰৰ বাবে এই বঁটা আগবঢ়াইছে ।

আজি এক প্ৰেছ বিবৃতিযোগে এই সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰমেন চৌধুৰী আৰু সাধাৰণ সম্পাদক সন্দিপ প্ৰসাদ নেওগে অভিনেত্ৰীগৰাকীলৈ আগবঢ়োৱা এই বঁটাৰ কথা ঘোষণা কৰে ।

Exit mobile version