Mizoram Champai Road Accident:মিজোৰামত ভয়ংকৰ পথ দুৰ্ঘটনা

থিতাতে নিহত পাঁচ , আহত তিনি

WhatsApp Image 2022 12 30 at 14.57.21

Mizoram Champai Road Accident:

মিজোৰামত আজি কাহিলীপুৱাতে সংঘট হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পাঁচজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আহত হয় তিনিজনকৈলোক৷ গুৰুতৰভাৱে আহত হয় ।

প্ৰাপ্ত খবৰ অনুসৰি মিজোৰামৰ চাম্পাই জিলাত শুক্ৰবাৰে পুৱা তিনি বজাত জোখোৱাথাৰ-আইজল পথত এখন কেবে নিয়ন্ত্ৰণ হেৰুৱাই টুইভাৰ অঞ্চলৰ সমীপত এটা খাৱৈত বাগৰি পৰে। ফলত এগৰাকী মহিলাসহ কমেও পাঁচজন লোকৰ মৃত্যু হয়। ।

চাম্পাই আৰক্ষীয়ে সদৰি কৰা মতে, এই ঘটনা সংঘটিত কৰাৰ সময়ত কেবখনৰ চালকসহ আঠ জন যাত্ৰী আছিল ৷ ইয়াৰে পাঁচজনৰ দুৰ্ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আহত আন তিনি যাত্ৰীক ততাতৈয়াকৈ আইজললৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয়।

উল্লেখ্য যে কেবখনৰ আৰোহী সকল আইজল অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটি ।

Exit mobile version