PM Mother Passes Away: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীৰ দেহাৱসান

b4be35fb 15ba 4337 bcf3 41e9bb895163

PM Mother Passes Away:

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোডীৰ এশবছৰ বয়সত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ মাতৃৰ মৃত্যুৰ বিষয়ে টুইটাৰ যোগে সদৰি কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

টুইটত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে “মাৰ ওচৰত মই সদায় ত্ৰিমূৰ্তি অনুভৱ কৰি আহিছো, য’ত এজন তপস্বীৰ যাত্ৰা, নিস্বাৰ্থ কৰ্মযোগীৰ প্ৰতীক ৷ তেওঁৰ এশ বছৰ জন্মদিনত মই উপস্থিত থাকি তেওঁৰ সানিধ্য লাভ কৰিছিলোঁ ৷ কিন্ত অৱশেষত মা আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে অনন্তধামলৈ গুচি গ’ল ৷’

উল্লেখ্য যে শতায়ু গৰকা মোদীৰ মাতৃক স্বাস্থ্যজনিত সমস্যাৰ বাবে বুধবাৰে পুৱা আহমেদাবাদৰ চুপাৰ-স্পেচিয়েলিটি ইউএন মেহতা ইনষ্টিটিউট অফ কাৰ্ডিঅ’লজী এণ্ড ৰিচাৰ্চ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল।

বৃহস্পতিবাৰে চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা জনোৱা হৈছিল প্ৰধানমন্ত্ৰীৰ মাতৃৰ অৱস্থা বৰ্তমান উন্নত । আনকি গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সদৰি কৰা হৈছিল হীৰাবেনক শীঘ্ৰেই হাস্পতালৰ অব্যাহতি দিয়া হ’ব।

কিন্ত ৩০ ডিচেম্বৰ পুৱা ৩.৩০ বজাত ইহলীলাসম্বৰণ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে এই বাতৰি টুইটাৰৰ জৰিয়তে জনাইছে।

উল্লেখ্য যে, উশাহ-নিশাহৰ সমস্যা আৰু ৰক্তচাপৰ সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মোডীৰ মাতৃ হীৰাবেন গান্ধীনগৰ চহৰৰ ওচৰৰ ৰাইচান গাঁৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰু ভায়েক পংকজ মোডীৰ সৈতে বাস কৰিছিল।

প্ৰধানমন্ত্ৰী গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ,অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুতে ।
ইতিমধ্যে পুৱাই আহমেদাবাদত উপস্থিত হৈ মাতৃৰ শেষকৃত্যত ভাগ লয় প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Exit mobile version